Biker Injured as Giant Tree Collapses : চলন্ত বাইকৰ ওপৰত পৰিল প্রকাণ্ড গছ;আহত বাই আৰোহী

নিউজ ডেস্ক,২৮মে’ : মহানগৰীৰ VIP মেগজিন পথত ভয়ংকৰ অঘটন। চলন্ত বাইকৰ ওপৰত পৰিল এডাল প্রকাণ্ড গছ। ফলত গুৰুতৰভাৱে আহত বাইকত আৰোহী । স্থানীয় লোকে গুৰুতৰভাৱে আঘাত পোৱা লোকজনক উদ্ধাৰ কৰি ততালিকে GMCH লৈ প্ৰেৰণ কৰে।বৰ্তমানলৈ লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। নেৰানেপেৰা বৰষুণ-বতাহত উভালি পৰে ৰাজপথৰ কাষৰ এডাল শুকান গছ(Biker Injured as Giant Tree Collapses in Guwahati’s VIP Road)।
ইফালে পথৰ মাজত গছডাল বাগৰি পৰাৰ ফলত বহু সময় ধৰি দুয়ো পথৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত দিছপুৰ আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগ, বিদ্যুৎ বিভাগ আৰু বন বিভাগৰ লোক উপস্থিত হৈ এখন জে চি বিৰ সহায়েৰে গছ ডাল ভি আই পি পথৰ মাজৰ পৰা আঁতৰাবলৈ সক্ষম হয়(Biker Injured as Giant Tree Collapses)।
লগতে পঢ়ক : টিককৰ কয়লা খনিৰ ঘটনাৰ নতুন মোৰ;কয়লা ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ ২ কোটি ৯৯ লাখ টকা