Local, Vocal, Global

WATCH | Bijni News : সামাজিক মাধ্যমত ‘আই লাভ ইউ পাকিস্তান’ লিখি আৰক্ষীৰ জালত বিজনীৰ এজন যুৱকৰ

বিজনী,২৮এপ্ৰিল : সামাজিক মাধ্যমত ‘আই লাভ ইউ পাকিস্তান’ লিখি আৰক্ষীৰ জালত বিজনীৰ এজন যুৱকৰ।

আটকাধীন যুৱকজন মুস্তাফিজুৰ ৰহমানৰ,ঘৰ ভাওৰাগুৰীত। মুস্তাফিজুৰ ৰহমান আমছু কৰ্মী বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে, পাকিস্তানক সমৰ্থন কৰি ইনষ্টাগ্ৰামত ‘আই লাভ ইউ পাকিস্তান’ বুলি কমেণ্ট কৰিছিল মুস্তাফিজুৰ ৰহমান নামৰ এজন যুৱকজনে।

যুৱকজনৰ আপত্তিজনক পোষ্টৰ পাছতে বিজনী থানাত এজাহাৰ দাখিল কৰে ৰাষ্ট্ৰীয় বজৰংগ দল চিৰাং জিলা সমিতিয়ে(Bijni News)।

তাৰ পাছতে মুস্তাফিজুৰ ৰহমানক বিচাৰি অভিযান অব্যাহত ৰাখিছে বিজনী আৰক্ষীয়ে।

লগতে মুস্তাফিজুৰ ৰহমান আমছু কৰ্মী বুলিও জানিব পৰা গৈছে। ২০২৩-২৪ বৰ্ষত আমছুৰ প্ৰাৰ্থী হিচাবে বিজনী মহাবিদ্যালয় ছাত্র একতা সভাৰ শ্ৰেণী প্ৰতিনিধি পদত অৱতীৰ্ণ হৈ শ্ৰেণী প্ৰতিনিধি হৈছিল মুস্তাফিজুৰ ৰহমান।

লগতে পঢ়ক : WATCH | Electrocution Incident : সোণাৰিৰ লুখুৰাখনত অঘটন;বিদ্যুৎপৃষ্ঠ হৈ চাৰিজন শ্ৰমিক আহত