WATCH | Bihu Workshop : বাক্সাৰ ডুমুনীত অন্ত পৰিল ৭ দিনীয়া বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা
মুছলপুৰ,১৩এপ্ৰিল : ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে এতিয়া বিহুনাচ, ঢোলবাদনৰ কৰ্মশালা ।
চেনেহৰ বিহুটিক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া ।
বাক্সাৰ ডুমুনীত অন্ত পৰিল ৭ দিনীয়া বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা(Bihu Workshop)।
ডুমুনী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু বাক্সা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা ।
কৰ্মশালাত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থী ।
অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হয় প্ৰশিক্ষণ ।
ঢোলৰ মাত, পেপাৰ শব্দত ৰজনজনাই উঠে ডুমুনী-সোণাপুৰ অঞ্চল।
লগতে পঢ়ক : WATCH | Panchayat Election 2025 : সলসলীয়াকৈ ইংৰাজী কব পৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ এগৰাকী প্ৰাৰ্থী