Local, Vocal, Global

WATCH | Bihu Workshop : ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত বিহুৰ আখৰা

ডিব্ৰুগড়,৯এপ্ৰিল : উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত বিহুৰ আখৰা।‌

ছয় দিনীয়াকৈ আয়োজন কৰা এই বিহু আখৰাত ডিব্ৰুগড় নগৰৰ লগতে নগৰখনৰ উপকণ্ঠ অঞ্চলৰ প্ৰায় ডেৰ শতাধিক নাচনীৰ অংশগ্ৰহণেৰে মুখৰিত কৰি তোলে পৰিবেশ।

নৃত্যাংগন কলা কেন্দ্ৰ আৰু মূৰ্চনা সংগীত বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত আখৰাত বিশিষ্ট লোক বাদ্যৰ সাধক, বৰবিহুৱা জিতেন দাস, বৰবিহুৱতী তথা নৃত্য প্ৰশিক্ষক ৰুবী গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী ভূৱন গগৈ, বিহুৱা বিতোপন দাস আৰু হিৰকজ্যোতি শইকীয়া সমল ব্যক্তি হিচাবে উপস্থিত থাকি ছয় দিনীয়া আখৰা শিবিৰত বিহুৱতী, বৰ বিহুৱতী,মৌ-কুৱৰী,বিহু নৃত্য, সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে(Bihu Workshop)।

বিশেষকৈ অসমীয়া সংস্কৃতিক প্ৰকৃত তথা শুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে নৱ-প্ৰজন্মৰ মাজত প্ৰতি বছৰে সাংবাদিক সংগঠনটোৰ লগতে ডিব্ৰুগড় সাহিত্য সভাই এনেদৰে আখৰা শিবিৰ অনুষ্ঠিত কৰা লগতে প্ৰতিটো বছৰে সাংবাদিক সকলে হুঁচৰি পৰিবেশন কৰি আহিছে।

সামৰণি অনুষ্ঠানত শিবিৰত অংশগ্ৰহণ কাৰী সকলক মানপত্ৰ প্ৰদান কৰা লগতে সমল ব্যক্তি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: শিমলীতোলাত বুজন পৰিমাণ ড্ৰাগছসহ সৰবৰাহকাৰীক কৰায়ত্ত