WATCH | Bihu Workshop : ছিপাঝাৰত অনুষ্ঠিত হোৱা বিহুনাচ কৰ্মশালা, ২০২৫ ৰ সামৰণি
ছিপাঝাৰ,৮এপ্ৰিল : ছিপাঝাৰৰ পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা বিহুনাচ কৰ্মশালা, ২০২৫ ৰ সামৰণি ।
পশ্চিম দৰঙৰ শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্রহণ । ডিব্ৰুগড়, গোৰেশ্বৰ আৰু নাওকাটাৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছয় দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰে ।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কুলেন্দ্ৰ নাথ ডেকা, অৱসৰী শিক্ষক দেবানন্দ দাস, দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰমেশ শইকীয়া, কামাখ্যা ননৈপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাৰত শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৃদয় বৰুৱা, ঠাকুৰীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক জিন্টুমণি ভৰদ্বাজ,পাথৰিঘাট জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গণেশ ডেকা, সমাজকৰ্মী কৰ্মেশ্বৰ ভূঞা, পাথৰিঘাট আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শঙ্কৰ শইকীয়া প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তি(Bihu Workshop)।
লগতে পঢ়ক : WATCH | Bihu workshop : ছিপাঝাৰৰ বন্দনা ডান্স একাডেমীৰ বিহু আখৰাৰ সামৰণি