Local, Vocal, Global

WATCH | Bihu Workshop : জামুগুৰিহাটৰ ইটাখোলাত অনুষ্ঠিত ১৫ দিনীয়া বিহু কৰ্মশালাৰ সামৰনি অনুষ্ঠান সম্পন্ন

জামুগুৰিহাট,৬এপ্ৰিল : জামুগুৰিহাটৰ ইটাখোলাত অনুষ্ঠিত ১৫ দিনীয়া বিহু কৰ্মশালাৰ সামৰনি অনুষ্ঠান সম্পন্ন। প্ৰশিক্ষকক সম্বৰ্ধনা আৰু প্ৰশিক্ষাৰ্থীক প্ৰমান পত্ৰ প্ৰদান বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটৰ ইটাখোলা কেন্দ্ৰৰ সংগীতসুৰ্য্য ড° ভূপেন হাজৰিকা সোৱৰনী মঞ্চ প্ৰাংগনত যোৱা ২১ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা ১৫ দিনীয়া বিহু কৰ্মশালাৰ কালি সন্ধিয়া সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়(Bihu Workshop)৷

ইটাখোলা ৰঙালী বিহু উদযাপন সমিটিৰ উদ্যোগত ৰাইজৰ সহযোগত আয়োজিত বিহু কৰ্মশালা খনিত বৃহত্তৰ ইটাখোলা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলো শ্ৰেণীৰ দুই শতাধিক শিশু কিশোৰ কিশোৰী যুৱক যুৱতীক ঢোল বাদন পেপা বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে কেইবা গৰাকীও অভিজ্ঞ প্ৰশিক্ষকে৷

ইটাখোলা ৰঙালী বিহু উদযাপন সমিতি খনৰ সভাপতি লক্ষীকান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি সুদক্ষ প্ৰশিক্ষক কেইগকাকীক ফুলাম গামোচা আৰু মান পত্ৰ প্ৰদান কৰাৰ লগতে বিহু কৰ্মশালা খনিৰ প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

ইটাখোলা ৰঙালী বিহু উদযাপন সমিতি খনে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন ভাষা ভাষী লোকৰ বসতি প্ৰধান অঞ্চলটিত এনেদৰে বিহু কৰ্ম্মশালা অনুষ্ঠিত কৰি সমাগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলোৱা বিষয়টোৱে অঞ্চলটোৰ ৰাইজৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালি কৰিব বুলি মন্তব্য কৰি বিধায়ক পদ্ম হাজৰিকাই ইয়াৰ বাবে উদযাপন সমিটি খনৰ বিষয়ববিয়া সদস্য সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷

সামৰনি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ইটাখোলা ব্যৱসায় সন্হাৰ প্ৰাক্তন সভাপতি তপন চৌধুৰী,বিশিষ্ট সমাজকৰ্মী অশোক গুপ্তা,ৰামেশ্বৰ চাহু আৰু চুৰেশ চাহে৷ইয়াৰ উপৰিও প্ৰশিক্ষাৰ্থী সকলৰ অভিভাৱক ও স্হানীয় ৰাইজৰ লগতে বহুকেইগৰাকী গন্যমান্য ব্যক্তিয়ে সামৰনি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে পৰিবেশন কৰা সুন্দৰ বিহু গীত, নৃত্য, ঢোল বাদন আৰু পেপা বাদনৰ অনুষ্ঠান উপভোগ কৰি আপ্লুত হয়৷

লগতে পঢ়ক : WATCH | Wild buffalo terror : জামুগুৰিহাটত বনৰীয়া ম’হৰ সন্ত্ৰাস