Local, Vocal, Global

Bihar Woman Dies By Suicide After Dispute With Fiancé Over Online Shopping : অনলাইনত শ্বপিং কৰায়ে কাল হ’ল এগৰাকী যুৱতীৰ বাবে

নিউজ ডেস্ক, ৬ অক্টোবৰ : অনলাইনত শ্বপিং কৰায়ে কাল হ’ল এগৰাকী যুৱতীৰ বাবে ।অনলাই কাপোৰ অৰ্ডাৰ কৰাৰ বাবে বিয়া নকৰাৰ সীদ্ধান্ত যুৱকৰ । সীদ্ধান্তৰ পিছতে যুৱতীৰ চিপ লৈ আত্মহত্যা।
বিহাৰৰ বেতিয়া জিলাত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা। অনলাইন শ্বপিঙক লৈ আৰম্ভ হোৱা এক বিবাদ বাবেই চৰম সিদ্ধন্ত এগৰাকী যুৱতীৰ ।

বিহাৰৰ দুধিয়াৱান গাঁৱৰ বাসিন্দা বিধা প্ৰসাদৰ কন্যা ২১ বছৰীয়া আমীষা কুমাৰীয়ে এই চৰম সীদ্ধন্ত লয়(Bihar Woman Dies By Suicide After Dispute With Fiancé Over Online Shopping)।

ঘটনা সন্দৰ্ভত আমীষাৰ খুৰাক প্ৰদীপ প্ৰসাদে জানিবলৈ দিয়া অনুসৰি, “আমীষাৰ বিয়া শিকাৰপুৰ আৰক্ষী থানাৰ অধীনৰ হাৰদিয়া চ’কৰ বাসিন্দা জনক প্ৰসাদৰ পুত্ৰ নীতিশ কুমাৰৰ সৈতে ঠিক কৰা হৈছিল । দুয়োৰে বাগদান হৈছিল । বাগদানত ল’ৰাজনে ছোৱালীজনীক উপহাৰ হিচাপে মোবাইল এটা দিছিল । বাগদানৰ পিচৰে পৰা প্ৰতিদিনে দুয়োৰে মাজত বাৰ্তালাপ হৈছিল । দুয়োৰে বিবাহৰ তাৰিখ অহা বছৰ ৭ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছিল ।”আমীষাই অনলাইনত ২৫০ টকাৰ কাপোৰ অৰ্ডাৰ কৰিছিল, যাৰ বাবে নীতিশৰ খং উঠিছিল । ইয়াৰ বাবেই তেওঁলোকৰ মাজত ফোনতে কাজিয়া হৈছিল । তেওঁক নজনোৱাকৈ কাপোৰৰ অৰ্ডাৰ দিয়াৰ বাবে ল’ৰাজনৰ খং উঠিছিল ।”

আৰু আমীষাক ফোনত কৈছিল যে তেওঁক নোসোধাকৈ কিয় কাপোৰটো অনলাইনত অৰ্ডাৰ কৰিছিল । বিষয়টো ইমানেই বাঢ়ি যায় যে ল’ৰাজনে ছোৱালীজনীক কয় যে ‘মই তোমাক বিয়া নকৰাওঁ’ । এতিয়াই যদি তেওঁ মোক নোসোধাকৈ যি বিচাৰে সেয়াই কৰি থাকে, তেন্তে পিছত কি হ’ব ? এই কথাতে আঘাত লাগি ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰে ।”

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ পিচত পৰিয়ালটোক গতাই দিয়ে ।

ইফালে ঘটনা সন্দৰ্ভত নৱালপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম কুমাৰ ৰায়ে কয় যে, “এই ক্ষেত্ৰত আমীষাৰ পৰিয়ালৰ পৰা কোনো আবেদন লাভ কৰা হোৱা নাই । আবেদন লাভ কৰাৰ পিচত ল’ৰাজন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হ’ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অৱশ্যে বিষয়টোৰ তদন্ত চলি আছে ।”