Local, Vocal, Global

এক ভয়ংকৰ বোমা বিস্ফোৰণে জোকাৰি গ’ল বিহাৰ !

ডিজিটেল ডেস্ক:- এক ভয়ংকৰ বোমা বিস্ফোৰণে জোকাৰি গ’ল বিহাৰ।বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণ।বিহাৰৰ চাচাৰাম চহৰত হোৱা বোমা বিস্ফোৰণত ছয় জনকৈ লোক আহত হয় বুলি জানিব পৰা গৈছে।আঘাত প্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চাচাৰামৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছে ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি সকলোকে শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে।

চাচাৰামৰ ডিএম ধৰ্মেন্দ্ৰ কুমাৰে কয়, “চাচাৰামত বোমা বিস্ফোৰণ সংঘটিত হৈছে । আঘাতপ্ৰাপ্ত লোকসকলক বিএইচইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আমি এই মুহূৰ্তত সকলো দিশ অনুসন্ধান কৰি আছো।লগতে তেওঁ কয় যে”বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
বিহাৰ আৰক্ষীৰ মতে, ৰোহতাচৰ চাচাৰামত বোমা বিস্ফোৰণৰ ঘটনাৰ বিষয়ে তথ্য পোৱা গৈছিল যাৰ পিছত ফৰেনচিক চাইন্স লেবৰেটৰী (এফএছএল) দলটো ঘটনাস্থলীত উপস্থিত হৈ বিষয়টো অনুসন্ধান কৰিবলৈ উপস্থিত হৈছিল।

“বিস্ফোৰণটো অঞ্চলটোৰ পৰা এটা স্কুটি উদ্ধাৰ কৰা হৈছে।” আৰক্ষীয়ে কয় প্ৰাথমিক ভাৱে এইটো এটা সাম্প্ৰদায়িক ঘটনা যেন নালাগে।