Local, Vocal, Global

Bihar Train Accident : ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ মাতৃ-কন্যা

নেশ্যনেল ডেস্ক, ১২অক্টোবৰ : ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত ফলত মৃত্যু হোৱা যাত্ৰীৰ সংখ্যা বৃদ্ধি । জানিব পৰা মতে নিহত সকলৰ ভিতৰত ২গৰাকী অসমৰ । আনহাতে আহত হৈছে ৭০ৰো অধিক যাত্ৰী ।

বুধবাৰে নিশা বিহাৰৰ ৰঘুনাথপুৰত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । বুধবাৰে নিশা প্ৰায় ৯-৩৫ বজাত গুৱাহাটী অভিমুখী ১২৫০৬ নম্বৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ নামৰ ৰে’লখন দুৰ্ঘটনাত পতিত হয়। নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ ২১টা ডবা ৰেলপথৰ পৰা ওলাই যায় ফলত পাঁচজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হয়(Bihar Train Accident)। জানিব পৰা মতে ৰে’লখনত অধিকাংশই অসমৰ যাত্ৰী আছিল ।

দুৰ্ঘটনাটোত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও বৰ্তমানলৈ ৪ গৰাকীৰ মৃত্যু নিশ্চিত হৈছে । নিহতসকলৰ ভিতৰত আছে এগৰাকী মাতৃ আৰু তেওঁৰ ৮ বছৰীয়া কন্যা, আনহাতে বাকী দুজন যুৱক বুলি জানিব পৰা গৈছে ।নিহত সকলৰ ভিতৰত আছে ৩৩ বৰ্ষীয় ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া কন্যা আকৃতি। দুয়োগৰাকী অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ বাসিন্দা আছিল । মাতৃ-কন্যাৰ লগতে স্বামী আৰু পৰিয়ালৰ লোকসকলে দিল্লীৰ পৰা অসমলৈ যাত্ৰা কৰি আছিল । আন এজন নিহত বিহাৰৰ কিষাণগঞ্জৰ সপ্তেয় বিষ্ণুপুৰৰ বাসিন্দা ২৭ বছৰীয়া জাইদ বুলি চিনাক্ত কৰা হৈছে । চতুৰ্থ জন মৃতকৰ নাম নৰেন্দ্ৰ বুলি জানিব পৰা গৈছে । আনহাতে আহত যাত্ৰীসকলক বক্সাৰ, ভোজপুৰ আৰু পাটনা এইমছত ভৰ্তি কৰোৱা হৈছে(4 Dead, 70 Injured After North East Express Train Derails in Bihar’s Buxar) ।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰি এজন যাত্ৰীয়ে কয় যে তেওঁলোকৰ ডবাটোত প্ৰায় ১০০ গৰাকী যাত্ৰী আছিল । আৰু ইয়াৰে কিছুমানে শুবলৈ প্ৰস্তুতি চলাই আছিল । সেই সময়তে হঠাতে ৰে’লখন কঁপিবলৈ আৰম্ভ কৰে আৰু যাত্ৰীসকলে তেওঁলোকৰ আসনৰ পৰা বাগৰি পৰে । প্ৰায় ১০ ৰ পৰা ১৫ মিনিটৰ বাবে ৰে’লখনে প্ৰচণ্ড জোৰে কঁপি উঠিছিল । যাত্ৰীসকলে কি হৈছে ধৰিব পৰা নাছিল । কিন্তু পাছত তেওঁলোকে দেখিছিল যে ৰে’লখনৰ ২১ টা ডবা লাইনচ্যুত হৈছিল । আনহাতে দুটা ডবা সম্পূৰ্ণৰূপে উলটি গৈছিল ।

দুৰ্ঘটনাটোৰ পাছত একাংশ যাত্ৰী তলত পৰি আছিল, কিছুমান খিৰিকীৰ মাজত আৱদ্ধ হৈ আছিল, কিছুমান শৌচালয়ত আৱদ্ধ হৈ আছিল । ইফালে দুৰ্ঘটনাটোৰ পাছতে শ শ স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈছিল আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল ।

ইফালে ৰেল দুৰ্ঘটনাত আহত হোৱা অসমৰ যাত্ৰী আব্দুল মালিকে কয় যে তেওঁ তেওঁৰ আসনৰ তলত সোমাই গৈছিল । বাহিৰলৈ ওলাই আহি তেওঁ দেখিছিল যে ৰে’লখনৰ ডবাবোৰ চাৰিওফালে পৰি আছে । বহুতো লোকে সহায়ৰ বাবে আগবাঢ়ি আহিছিল ।

উত্তৰ-পূব অভিমুখী ১২৫০৬ নম্বৰ ৰে’লখনৰ গাৰ্ড বিজয় কুমাৰে কয় যে তেওঁলোকে আসনত বহি কাগজপত্ৰ পৰীক্ষা কৰি আছিল আৰু তেতিয়াই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰথম অৱস্থাত ৰে’লখনত কি হৈছে তেওঁলোকে একো ধৰিব পৰা নাছিল । ৰে’লখনৰ গতিবেগ প্ৰায় ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল বুলি তেওঁ কয় । এই ঘটনা কেনেকৈ সংঘটিত হ’ল এই সম্পৰ্কে চালকজনে হে জানিব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :Bihar Train Accident : পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,নৰ্থ ইষ্ট এক্সপ্ৰেছৰ কেইবাটাও ডবা লাইনচ্যুত