Local, Vocal, Global

Bihar School Holidays: বেয়া খবৰ; উৎসৱ-পাৰ্বণত বন্ধ নাথাকিব শিক্ষানুষ্ঠান

নেশ্যনেল ডেস্ক, ৩০ আগষ্ট : বেয়া খবৰ। উৎসৱ-পাৰ্বণত বন্ধ নাথাকিব শিক্ষানুষ্ঠান।দূৰ্গা পূজাতো খোলা থাকিব শিক্ষানুষ্ঠান।শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত।দূৰ্গা পূজাৰ উপৰিও দিপাৱলী, ছট পূজাতো বিদ্যালয় খোলা ৰখাৰ সিদ্ধান্ত শিক্ষা বিভাগৰ(Bihar govt cuts Durga Puja Chhath holidays in schools)।

পূৰ্বতে শিক্ষা বিভাগে পূজা, উৎসৱত বন্ধ ঘোষণা কৰিছিল স্কুল, কলেজ। কিন্তু এতিয়াৰে পৰা বন্ধ নাখাকে স্কুল-কলেজ। প্ৰতিদিনাৰ দৰেই উক্ত দিনটো সম্পূৰ্ণ পাঠদান অব্যাহত থাকিব বিদ্যালয়-মহাবিদ্যালয়ত(Bihar School Holidays)।

এই সিদ্ধান্ত লৈছে বিহাৰৰ শিক্ষা বিভাগে । উল্লেখ্যে যে ৩০ আগষ্ট অৰ্থাৎ ৰাখীবন্ধনৰ দিনাও বিদ্যালয় আৰু মহাবিদ্যালয় খোলা থকা দেখিবলৈ পোৱা গৈছে। ৰাখীবন্ধনৰ যি ছুটী, সেয়াও বাতিল কৰিলে বিহাৰ চৰকাৰে।শিক্ষা বিভাগৰ এই সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া কৰে হিন্দু সংগঠনে9Bihar School Holidays)।

এক ডাঙৰ ঘোষণা বিহাৰ শিক্ষাবিভাগৰ । বিহাৰৰ বিদ্যালয়-মহাবিদ্যালয়ত ছুটী নাপাব বিভিন্ন উৎসৱ-পাৰ্বণত। এটা বছৰত ২৩ দিনৰ ঠাইত ১১দিনলৈ হ্ৰাস কৰা হৈছে বিহাৰৰ বিদ্যালয়সমূহৰ ছুটী । শেহতীয়াকৈ এই সিদ্ধান্তৰ জাননীও জাৰি কৰিছে বিহাৰ শিক্ষা বিভাগে।

বিহাৰ স্কুল পৰীক্ষা ব’ৰ্ডে ২৮ আগষ্টৰ পৰা ৩১ ডিচেম্বৰলৈ চৰকাৰী বিদ্যালয় ছুটীৰ পৰিৱৰ্তনৰ বিষয়ে অধিসূচনা জাৰী কৰিছে। অধিসূচনা অনুসৰি বিদ্যালয় ছুটীৰ সংখ্যা ২৩ৰ পৰা ১১দিনলৈ হ্ৰাস কৰা হৈছে(Bihar govt reduces school holidays from 23 to 11 days Diwali Chhath holidays shortened)।

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে নূন্যতম কৰ্মদিন ২০০ দিন আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ বাবে ২২০ দিন পূৰণৰ বাবে বিদ্যালয় ছুটী কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুৰ্গা পূজাৰ বিদ্যালয়ৰ বন্ধৰ দিন তিনিদিনলৈ হ্ৰাস কৰা হৈছে, যিটো আগতে ছয় দিন আছিল। লগতে দীপাৱলী আৰু ছঠ পূজাত এদিনকৈ বন্ধ থাকে(Bihar cancels 15 days leave in govt schools BJP taunts Nitish)।

এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে। গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজৰ মন্ত্ৰী গিৰিৰাজ সিঙে এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, “বিহাৰ চৰকাৰৰ শিক্ষা বিভাগে দুৰ্গা পূজা, দীপাৱলী আৰু ছট পূজাৰ বন্ধৰ দিন বাতিল কৰিছে। বিহাৰত হিন্দু উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।”টুইটাৰ যোগে বিজেপি সাংসদে দাবী কৰে যে দুৰ্গা পূজা, দীপাৱলী আৰু ছট পূজাৰ দৰে উৎসৱৰ সময়ত বন্ধৰ দিন ৰাজ্য চৰকাৰে বাতিল কৰিছে আৰু অভিযোগ কৰে যে অতি সোনকালে ৰাজ্যখনত হিন্দু উৎসৱ নিষিদ্ধ কৰা হ’ব(BJP attacks government on reducing offs on Diwali Union minister takes dig)।

কিষানগঞ্জ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰাখী বন্ধনৰ বাবে বিদ্যালয় বন্ধ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :Rahul Gandhi Attacks Centre Again : ৰঙা চীনৰ নতুন মানচিত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ ; এয়া অত্যন্ত গভীৰ বিষয় : ৰাহুল গান্ধী