Local, Vocal, Global

Bihar Dy CM Sinha announces compensation for victims of under-construction bridge collapse : ভাঙি পৰিল কোশী নৈৰ নিৰ্মীয়মাণ দলঙৰ শ্লেৱ;ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণ ঘোষণা বিহাৰৰ উপ-মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৩মাৰ্চ : বিহাৰৰ সুপৌলত শুকুৰবাৰে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ৷ হঠাতে ভাঙি পৰিছিল কোশী নৈৰ নিৰ্মীয়মাণ দলঙৰ শ্লেৱ ৷দলঙৰ শ্লেৱ তলত আবদ্ধ হৈ পৰে ৪০ জন শ্ৰমিক । তাৰে ১১জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় আৰু এজন নিহত হয়(1 dead, several injured as under-construction bridge collapses) ৷

এই ভয়ংকৰ ঘটনাত ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৷ মৃতকৰ বাবে ১০ লাখ টকা আৰু আঘাতপ্ৰাপ্ত প্ৰতিজনৰ বাবে ১ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে সিনহাই(Bihar Dy CM Sinha announces compensation for victims of under-construction bridge collapse) ৷

উপ-মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, “কেন্দ্রীয় চৰকাৰে শ্রমিকসকলৰ চিকিৎসাৰ সকলো প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি ঘটনা সন্দর্ভত তদন্ত কৰিবলৈ স্পষ্ট নির্দেশ দিছে ৷ মই মাত্ৰ দলংখন ভাঙি পৰাৰ পৰ্যালোচনা কৰিছো’ ।

তেওঁ লগতে কয় যে , ‘‘এই দুৰ্ঘটনাত ১১ জন শ্ৰমিক আহত হয় ৷ ইয়াৰে ১০ জন এতিয়া বিপদমুক্ত যদিও এজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে । আঘাতপ্ৰাপ্ত আৰু মৃত শ্ৰমিকজনক ক্ষতিপূৰণ দিয়া হ’ব, মৃতকক ১০ লাখ টকা আৰু আহত শ্ৰমিকসকলক ১ লাখকৈ টকা প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক : Holi celebration 2024 : কাইলৈ ৰঙৰ উৎসৱ হোলী!