Bigg Boss OTT 2 : খঙত টিঙিৰিতুলা হ’ল ছলমান খান, কি চলি আছে ৰিয়েলিটি শ্ব’ বিগ বছত

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২ জুলাই : যোৱা ১০ বছৰ ধৰি ধাৰাবাহিকভাবে চলি আছে বিখ্যাত ৰিয়েলিটি শ্ব’ বিগ বছ(Bigg Boss OTT 2) । জনপ্ৰিয় এই ৰিয়েলিটি শ্ব’টোৱেও প্ৰতিটো ছিজনতে বিতৰ্কৰ সন্মুখীন হৈছে। কেমেৰাৰ সন্মুখত প্ৰতিযোগীসকলৰ কাণ্ড দেখি বিতৰ্কৰ শিখৰত উপনীত হ’ল এইবাৰৰ চিজন ‘বিগ বছ অ’টিটি ২’(Bigg Boss OTT 2) ।
এই সপ্তাহত বিগ বছৰ ঘৰত সংঘটিত হোৱা এক কাণ্ডই দৰ্শকক আচৰিত কৰি তোলে (Bigg Boss OTT 2) । এই ছিজনৰ দুই প্ৰতিযোগী আকাংক্ষা পুৰী আৰু জাদ হাদিদে কেমেৰাৰ সন্মুখত কৰিলে চুম্বন ।
৩০ ছেকেণ্ডতকৈও অধিক সময় ধৰি চলে চুম্বনটো । ইয়াৰ পিছত ‘বিগ বছ অ’টিটি ২’ বিতৰ্কৰ চৰম সীমাত উপনীত হ’ল । যাৰ বাবে এই দুই প্ৰতিযোগীৰ ওপৰত খঙত দুৰ্বাসা হ’ল ছলমান খান।
নিয়ম অনুসৰি সপ্তাহৰ শেষত প্ৰতিযোগীসকলৰ সন্মুখীন হয় ছলমান খান । গোটেই সপ্তাহটোত কি হৈ আছে তাৰ ওপৰত তেওঁ সম্পূৰ্ণ চকু ৰাখে । শ্ব’ আৰম্ভ হোৱাৰ আগতে প্ৰতিবাৰেই তেওঁ প্ৰতিযোগীসকলক ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধক বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ।
সপ্তাহটোৰ শেষৰ ফালে ‘উইকেণ্ড কা ৱাৰ’ত ছলমানে প্ৰতিযোগীসকলৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ প্ৰতিযোগীসকলক কয় যে , “আপোনালোকে সকলোৱে ভাবিছে যে এই সপ্তাহত যিটো হ’ল, সেয়া সপ্তাহটোৰ চৰ্চা বিষয় । আচলতে সেইটো আছিল আপোনাৰ শিক্ষা, সংস্কাৰ, পাৰিবাৰিক মূল্যবোধৰ পৰীক্ষা। আপুনি যি কৰিলে তাৰ বাবে ক্ষমা খুজিব নালাগে । এই ক্ষমা প্ৰাৰ্থনাৰ কথা মই গুৰুত্ব নিদিওঁ।”
ইয়াৰ পিছত ছলমানে খঙত অগ্নিশৰ্মা কয যে দৰ্শকে কল্পনাই কৰিব পৰা নাছিল । তেওঁ ক’লে, “মই শ্ব’টো এৰি দিম।”
যদিও বিগ বছৰ ঘৰত এনে বিতৰ্কিত ঘটনা প্ৰথম নহয় । তথাপিও এইবাৰো বিগ বছে কামনা আৰু অশ্লীলতাৰ সীমা অতিক্ৰম কৰিলে । যাৰ বাবে ছালমানে এনে সিদ্ধান্ত লবলৈ বাধ্য হয় পৰে ।
লগতে পঢ়ক : Woman lost teeth during pregnancy : গৰ্ভাৱস্থাত মহিলাই হেৰুৱালে সমস্ত দাঁত, কিন্তু কেনেকৈ ?