Local, Vocal, Global

Gaza Hospital Blast: গাজাৰ চিকিৎসালয়ত ৰকেট আক্ৰমণ; মৃত্যু শ শ লোকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮অক্টোবৰ : অব্যাহত আছে ইজৰাইলৰ বিমান আক্ৰমণ ।মঙলবাৰে পুনৰ গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত আকাশমাৰ্গেৰে আক্ৰমণ(Gaza Hospital Blast) ৷

৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । এই যুদ্ধই ইতিমধ্যে ১০ দিনত ভৰি দিছে । আনহাতে ইজৰাইলৰ সমান্তৰালকে হামাছ উগ্ৰপন্থীয়ে ইজৰাইল-লেবানন সীমান্তত ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে((Israel Hamas War) ৷ ইজাইলৰ আক্ৰমণত যেন সৰ্বস্ব হেৰুওৱাই পেলাইছে পেলেষ্টাইনীয়ে । গাজাক প্ৰতিশোধ লব’লৈ ইজৰাইলে বন্ধ কৰি দিছে খাদ্য যোগান । সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী(Blast at a Gaza City Hospital) ।

যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি ৷ ইজৰাইলৰ বিমান ষ্ট্ৰাইক অব্যাহত থকাৰ মাজতে মঙলবাৰে গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত পুনৰ আকাশমাৰ্গেৰে আক্ৰমণ কৰে ৷ জানিব পৰা মতে, এই ভয়ংকৰ বিস্ফোৰণৰ ফলত শ শ লোকৰ মৃত্যু হয়(Biden outraged by Gaza hospital blast killing 500) ৷

গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰই কোৱা অনুসৰি, মঙলবাৰে ইজৰাইলে আকাশমাৰ্গেৰে কৰা আক্ৰমণত পেলেষ্টাইনৰ ছিটমহলৰ এখন চিকিৎসালয়ত শ শ লোকৰ মৃত্যু হয় ৷ কিন্তু ইজৰাইলে এই অভিযোগ নস্যাৎ কৰি পেলেষ্টাইন বেৰেজে বিস্ফোৰণ সংঘটিত কৰিছে বুলি ওলোটাই মন্তব্য কৰে(Hamas Trade Blame After 500 Killed At Gaza Hospital) ৷

উল্লেখ্য যে, ছিটমহলৰ চিকিৎসালয়খনত ৰোগীৰ বাবে খাদ্য, ইন্ধন আৰু বিদ্যুৎ শেষ হোৱাক লৈ যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছিল ৷ ১৫ অক্টোবৰতেই গাজাৰ চিকিৎসালয়সমূহত ইন্ধন শেষ হোৱাৰ উপক্ৰম ঘটিছে বুলি চিকিৎসকসকলে সতৰ্কবাণী জাৰি কৰিছিল ৷ অচিৰেই চিকিৎসায়লসমূহত বিদ্যুৎ কৰ্তন হোৱাৰ কথাও ব্যক্ত কৰিছিল(Gaza Hospital Blast Kills at Least 500 People) ।

জানিব পৰা মতে, এই আক্ৰমণত বহুতো লোক এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ আছে ৷ এই ঘটনাৰ পিছতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে চিকিৎসালয়ৰ আক্ৰমণত জড়িত থকাৰ কথা “স্পষ্টভাৱে” অস্বীকাৰ কৰিছে, ইয়াৰ পৰিৱৰ্তে গাজাৰ প্ৰতিদ্বন্দী ইছলামবাদী উগ্ৰপন্থী গোট পেলেষ্টাইনী ইছলামিক জিহাদ গোটক দোষাৰোপ কৰিছে ৷

লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে এই সন্দৰ্ভত কয়, “আমি সেই আক্ৰমণ সংঘটিত কৰা নাই ৷ আমাৰ সন্দেহ অনুসৰি, এয়া কোনো ইছলামিক জিহাদ গ্ৰুপৰ বিফল ৰকেট উৎক্ষেপণ আছিল ৷ আমি স্পষ্টভাৱে কৈছো যে, আমি ইচ্ছাকৃতভাৱে কোনো সংবেদনশীল অঞ্চলত আক্ৰমণ নকৰো ৷ চিকিৎসালয়ত নিশ্চয়কৈ আক্ৰমণ নকৰোঁ ৷”ইছলামবাদী উগ্ৰপন্থী গোট হামাছে ইজৰাইলত আক্ৰমণ কৰাৰ পিচতেই প্ৰায় ১১ দিন ধৰি ইজৰাইলে ছিটমহলত আক্ৰমণ অব্যাহত ৰাখিছে ৷ ২.২ নিযুত লোকৰ বাসস্থান ছিটমহলত সম্প্ৰতি প্ৰায় মৃতপ্ৰায় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইফালে উত্তৰ গাজাৰ পৰা লক্ষাধিক লোকে ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে ৷

আনহাতে, চিকিৎসালয়সমূহত বিদ্যুৎ আৰু পানীৰ অভাৱৰ মাজতো আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসা অব্যাহত আছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানিৰ বাবে ইজিপ্ত আৰু গাজা সংযোগী এটা কৰিড‘ৰ খুলি দিয়াৰ চেষ্টা কৰি আছে ৷

লগতে পঢ়ক :Israel Hamas War : এক অবৰ্ণনীয় পৰিৱেশ গাজাত; ইজাইলৰ আক্ৰমণত যেন সৰ্বস্ব হেৰুওৱাই পেলাইছে পেলেষ্টাইনীয়ে