Biden considering trip to Israel : ইজৰাইল ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে !

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬অক্টোবৰ : ইজৰাইল ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । দেওবাৰে এই কথা প্ৰকাশ কৰিলে আমেৰিকা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই । কিন্তু এতিয়ালৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ এই ভ্ৰমণ নিশ্চিত হোৱা নাই(Biden considering trip to Israel ) ।
বাইডেনৰ এই ইজৰাইলী ভ্ৰমণে এটো নিশ্চিত কৰিব যে আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইলীৰ সৈতে দৃঢ়ভাৱে থিয় দি আছে । বাইডেনৰ উপস্থিতিক হামাছৰ মুখ্য পৃষ্ঠপোষক ইৰাণৰ দ্বাৰা এক উচটনিমূলক পদক্ষেপ হিচাপে দেখা যাব পাৰে(Biden considering trip to Israel in the coming days but travel isn’t final) ।
বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইতিমধ্যে হামাছৰ সৈতে যুদ্ধক এক বহল আঞ্চলিক সংঘৰ্ষৰ সূত্ৰপাত হোৱাত বাধা দিবলৈ চেষ্টা কৰি আছে । তাৰ অংশস্বৰূপে যোৱা সপ্তাহৰ পৰা তেওঁ মধ্য প্ৰাচ্যৰ ভ্ৰমণ কৰি আছে ।
উল্লেখ্য যে, ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ । পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী ।
হামাছৰ এই আক্ৰমণত কমেও ৩০ গৰাকী আমেৰিকাৰ নাগৰিকসহ ১,৪০০ ৰো অধিক লোক নিহত হোৱাৰ পাছত বাইডেনে ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে যদিও দেওবাৰে সম্প্ৰচাৰিত চিবিএছৰ ৬০ মিনিটৰ এক সাক্ষাৎকাৰত তেওঁ সতৰ্ক কৰি দিছে যে ইজৰাইলে গাজা পুনৰ দখল কৰিব নালাগে । তেওঁ সাক্ষাৎকাৰত কৈছে যে সেয়া ইজৰাইলৰ এক ডাঙৰ ভুল হ’ব । তেওঁৰ মতে গাজাত থকা হামাছে সকলো পেলেষ্টাইনী লোকক প্ৰতিনিধিত্ব নকৰে ।বাইডেন নিশ্চিত যে ইজৰাইলে যুদ্ধৰ নিয়মৰ অধীনত কাম কৰিবলৈ গৈ আছে । তেওঁ আশা কৰা মতে গাজাৰ নিৰীহ লোকসকলৰ বাবে ঔষধ, খাদ্য আৰু পানীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱাৰ সামৰ্থ্য থাকিব ।