WATCH | Bhupen Kumar Borah : ৩০ মাৰ্চৰ আগত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ হুংকাৰ ভূপেন বৰাৰ
জাগীৰোড,১৭মাৰ্চ : ৩০ মাৰ্চৰ আগত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ হুংকাৰ ভূপেন বৰাৰ। গৃহমন্ত্ৰী অমিত শ্বাহে অসমীয়া জাতিৰ আগত ক্ষমা বিচাৰিব লাগে। মুখ্যমন্ত্ৰী আৰু অসম পুলিচে যেনেদৰে অসমত অতপালি চলাইছে”।
জাগীৰোডত উপস্থিত হৈ এই কথা জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ স্বাভিমান গামোছা ডিঙিত নোলোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া গামোছাখনেই যদি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ডিঙিত ল’বলৈ বেয়া পায়, তেনেহলে অসমীয়া জাতিটোৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কিমান বুলি প্ৰশ্ন উত্থাপন কৰে সভাপতি গৰাকীয়ে(Bhupen Kumar Borah) ৷
অমিত শ্বাহে ভুল কৰিছে আৰু অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় ভূপেন বৰাই ৷
অৱশ্যে ৰাহুল গান্ধীয়ে গামোছা দলিয়াই দিয়া সন্দৰ্ভত কোনো মন্তব্য প্ৰদান নকৰি দেশৰ এগৰাকী গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ গামোছা ডিঙিত নোলোৱাটো মুখ্যমন্ত্ৰী স্থিতি সন্দৰ্ভতহে প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷
ইফালে কংগ্ৰেছ নেতা ৰিতম সিং সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় যে অসম পুলিচ ৰাজ্য চৰকাৰৰ নে বিজেপিৰ এই বিষয়টোত ৰাইজ সন্দিহান হৈছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰিছে, অতি শীঘ্ৰেই অসমত দ্বিতীয় চিপাহী বিদ্ৰোহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে বুলিও মত প্ৰকাশ কৰে APCC ৰ সভাপতি ভূপেন বৰাই ৷