Local, Vocal, Global

WATCH | Bhupen Kumar Borah : নাথুৰাম গডছেৰ বন্দুক বিজেপিৰ প্ৰতীক চিহ্ন হ’ব লাগে : ৰাজ্যিক সভাপতি ভূপেন বৰা

বিশ্বনাথ,২১এপ্ৰিল : মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক প্ৰতীক চিহ্ন হিচাপে লুঙি ল’বলৈ কৰা মন্তব্যৰ বিৰুদ্ধে বিশ্বনাথত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাই কয় যে মুখ্যমন্ত্ৰীৰ চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ বহিছিল।

গোপীনাথ বৰদলৈৰ মুখত তেনে কথা ওলালে হয় নে? যি কংগ্ৰেছ দলে তেওঁক আঙুলিত ধৰি ৰাজনীতিৰ ক’খ’ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা বিধায়ক হৈছিল,ৰাজ্যপালৰ ভৱনত তিনিবাৰ শপত গ্ৰহন কৰিবলৈ কোন দলৰ পৰা গৈছিল বুলি প্ৰশ্ন উত্থাপন কৰি সভাপতি বৰাই কয় যে গুজৰাটৰ পানীৰ পাইপৰে মুছলমানৰ তেজ বয় বুলি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কোনোবা ৰিক্সাৱালাই চৰিয়াব বুলি আজি পৰ্যন্ত কোনো কংগ্ৰেছ নেতাই ইমান বেয়াকৈ কোৱা নাই(Bhupen Kumar Borah)।

কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি বিজেপিৰ চিম্বল পদুম ফুলৰ সলনি নাথুৰাম গডছেয়ে যিটো বন্দুকৰে মহাত্মা গান্ধীক হত্যা কৰিছিল,সেইটো বন্দুকহে বিজেপিৰ চিম্বল হব লাগে বুলি উল্লেখ কৰে। বিজেপি আৰু আৰ এছ এছৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা।
বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ক্ষমা খোজা প্ৰসংগত কংগ্ৰেছ সভাপতি গৰাকীয়ে কয় বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজহাড় পোন কৰিবলৈ চেষ্টা কৰিছে,কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কিমান দেৰি ৰাজহাড় পোন কৰি থব পাৰে সেয়া প্ৰথমৰ পৰাই সন্দেহ আছিল।

তথাপি দিলীপ শইকীয়াক ধন্যবাদ দিছে ভূপেন বৰাই। বিজেপিৰ ভিতৰত অসমক ভাল পোৱা মানুহ সকলে লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ যি চিণ্ডিকেট ৰাজ, লুণ্ঠন ৰাজ তাৰ বিৰুদ্ধে মুৰ তুলিবলৈ সাহস কৰিছে।

ক্ষমা খোজাৰ প্ৰসংগত পুনৰ কয় কেতিয়াবা প্ৰথমে চাৰভাইভ কৰিবলৈ হ’লে দুৱাৰ দলিত চাপৰিব লগা হয়। আনহাতে সভাপতি ভুপেন কুমাৰ বৰাই অখিল গগৈয়ে কংগ্ৰেছ দলক বিশ্বাসঘাটকতা কৰা বুলি কোৱা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অখিল গগৈয়ে এনেকৈ কৈ থাকক। কৈ কৈ শেষত তেওঁৰ মুখ বিষাই যাব।২০২৬ ত কিন্তু আমি পুনৰ একেলগে নিৰ্বাচন খেলিম বুলি মন্তব্য কৰে ভূপেন বৰাই।

লগতে পঢ়ক : WATCH | Chapar News : ক্ৰমাত যেন আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচন