Local, Vocal, Global

Bhupen Hazarika Birth Anniversary: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবাৰ্ষিকী

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকী। ৯৮ সংখ্যক জন্মবাৰ্ষিকীত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ।

২০১১ চনৰ ৫ নৱেম্বৰত সংগীত জগতৰ এই মূল্যৱান সম্পদ কালৰ বুকুত হেৰাই যায়। নিজৰ উৎকৃষ্ট ৰচনাসমূহৰ দ্বাৰা তেওঁ এতিয়াও মানুহৰ হৃদয়ত জীয়াই আছে। অসমৰ গৌৰৱ ভূপেন হাজৰিকাই অসমীয়া ভাষাৰ লগতে হিন্দী আৰু বাংলা ভাষাতো বহু গীত গাইছিল। তেওঁ অসমীয়াৰ পৰা আৰম্ভ কৰি হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। সংগীত জগতলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক কেইবাটাও সন্মানীয় বঁটা প্ৰদান কৰা হৈছিল।

১৯২৬ চনৰ ৮ ছেপ্তেম্বৰ শদিয়াত জন্মগ্ৰহণ কৰিছিল ড° ভূপেন হাজৰিকাই। তেখেতৰ পিতৃৰ নাম নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম শান্তপ্ৰিয়া হাজৰিকা। পত্নীৰ আছিল প্ৰিয়ম্বদা পেটেল। তেখেতৰ পুত্ৰৰ নাম তেজ ভূপেন হাজৰিকা(Bhupen Hazarika Birth Anniversary)।

গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰা ড° ভূপেন হাজৰিকাই গুৱাহাটী কটন কলেজৰ পৰা আই. এ পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰ কলম্বিয়া বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰে। ইয়াৰ পৰাও শিক্ষা বিজ্ঞানত স্নাকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰাই মাচ পি. এইচ. ডি উপাধি লাভ কৰে। তেখেতে গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰটো কাৰ্যনিৰ্বাহ কৰিছিল।

অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহান ব্যক্তি কবি, গায়ক, সংগীতজ্ঞ, কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয়, বিশ্বজুৰি খ্যাত আছিল আৰু বিশ্বৰ বিভিন্ন প্ৰান্ততত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।

আজি সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হ’ব বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক ।