Bhupen Das Passes Away: অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাস ওৰফে বাবলা দেহাৱসান
নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী: বিজনী চহৰৰ নিৱাসী অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাস ওৰফে বাবলা দেহাৱসান।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মাজনিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। ভূপেন দাস ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ ভাতৃ।মৃত্যুৰ সময়ত তেখেতে পত্নী,পুত্ৰ, কন্যাৰ লগতে দুই ককায়েক, তিনি গৰাকী বায়েক সহ অলেখ গুণমুগ্ধ লোকক ইহসংসাৰত এৰি থৈ যায়(Bhupen Das Passes Awa)।
উল্লেখ্য যে ভূপেন দাস দীৰ্ঘদিনৰ পৰা যকৃতৰ ৰোগত আক্ৰান্ত আছিল। ভূপেন দাস অসম ভলীবল দলৰ প্ৰাক্তন অধিনায়ক, বিজনী জয়কিষাণ ক্লাবৰ সাধাৰণ সম্পাদক, বিজনী জিলা ক্ৰীড়া সন্থাৰ সদস্য, বিজনী আঞ্চলিক ৰঙালী বিহু, বিজনী হলী চাইল্ড স্কুলৰ লগতে বিজনীৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
লগতে পঢ়ক:Mangaldoi News:মঙলদৈত আৱৰ্ত ভৱন নিৰ্মাণকলৈ বিসংগতি