Bhupen Bora pays tributes to avinash sarkar who died after falling into drain : প্ৰয়াত অবিনাশ সৰকাৰৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ

নিউজ ডেস্ক,৯জুলাই : প্ৰয়াত অবিনাশ সৰকাৰৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ।
মঙলবাৰে গুৱাহাটীৰ ভৱানীপুৰৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা । প্ৰয়াত অবিনাশ সৰকাৰৰ বাসগৃহত উপস্থিত হৈ মৃত অবিনাশৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে(Bhupen Bora pays tributes to avinash sarkar who died after falling into drain) ।
প্ৰয়াত অবিনাশ সৰকাৰৰ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, ‘‘আমাৰ সমবেদনা আৰু মুখ্যমন্ত্ৰীৰ সমবেদনাত পাৰ্থক্য আছে। কেইমাহ মান আগতে একেধৰণে যুৱতী ধুকাইছে। ৰাস্তাটো অবিনাশৰ নামত দিলেই সকলো শেষ হৈ নাযায়। ইয়াৰ বাবে দোষী কোন বিচাৰি উলিয়াব লাগিব। নলা মুকলি নাথাকিলে ল’ৰাটো নিখোঁজ নহ’লহেঁতেন।মানুহ উটি যোৱা খবৰ বাহিৰৰ পৰা সুধিছে মোক। আমি প্ৰশ্ন কৰিলে কয় যে কংগ্ৰেছে কি কৰিলে?’’
ভূপেন বৰাই লগতে কয়, ‘‘৬০বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম ৬০ মাহত কৰিম বুলি কৈছিল। ১২০ মাহ পাৰ হ’ল। ১০ বছৰ পিছতো কংগ্ৰেছৰ নাম লোৱা বাদ দিয়ক। নোৱাৰে যদি কৈ দিয়ক।’’