Bhumi Pujan of semiconductor assembly and test facility at Jagiroad : আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

নিউজ ডেস্ক ৩আগষ্ট : আজি অসমবাসীৰ বাবে এটা বিশেষ দিন। আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ভূমিপূজন কাৰ্যসূচী। প্ৰকল্পৰ ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখবনব উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অর্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হ’ব।অসমক বিশ্বৰ অৰ্থ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।
২৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব প্ৰকল্প।টাটা গ্ৰুপক ৬০ বছৰৰ বাবে লীজত দিয়া হৈছে ৫১৭.২৭ বিঘা ভূমি(Bhumi Pujan of semiconductor assembly and test facility at Jagiroad)।
প্ৰায় ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য টাটাৰ। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব।
প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। এয়া অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগ হিচাপে বিবেচিত হৈছে।
লগতে পঢ়ক :Rhino menace in Teok : টীয়কৰ এজাৰগুৰিত গঁড়ৰ মুক্ত বিচৰণ