Local, Vocal, Global

Bhramyaman theatre : ভ্ৰাম্যমাণ থিয়েটাৰত চাৰ্কাছ কিয় লাগে ?

নিউজ ডেস্ক,৩ছেপ্তেম্বৰ : ভ্ৰাম্যমাণ থিয়েটাৰত চাৰ্কাছ কিয় লাগে । ভ্ৰাম্যমাণত চাৰ্কাছৰ প্ৰয়োজনীয়তা আছেনে !ৰাইজে কি বিচাৰে। ৰাইজে বিচাৰে এখন প্ৰকৃত নাটক ।

ৰাজ্যত এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ বতৰ । প্ৰকৃততে ভ্ৰাম্যমাণ থিয়েটাৰে অটুট ৰাখিছে তেওঁলোকৰ গৰিমা । এয়া সচেতন জনতাৰ প্ৰশ্ন । তাৰ মাজতে কহিনুৰ থিয়েটাৰে আগৰ গৰিমা অটুত ৰাখি আহিছে । চাৰ্কাছ বিহীন ভাবে ৰাইজক দিছে এখন সৰ্বাংগ সুন্দৰ নাটক(Mobile theatre)।

মৃদুল চুতীয়াৰ ”পিঞ্জৰা” নাটকখনে কপাই তুলিলে কহিনুৰৰ মঞ্চ। বজালীত অসংখ্য দৰ্শকৰ সমাগম কহিনুৰৰ পিঞ্জৰা নাট চাবলৈ।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি সংগীতেৰে নাটকখন আগবাঢ়ি যোৱাৰ পৰিলক্ষিত হয়(Bhramyaman theatre) ।

তপন লহকৰৰ প্ৰযোজনাত এখন ব্যতিক্ৰম ধৰ্মী নাটক পিঞ্জৰা ।অভিনেতা প্ৰীতম, কৃষ্ণমণি আৰু অভিনেত্ৰী জেৰিনা আৰু ভায়োলিনাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে ।
অত্যাধীক গৰমৰ মাজতো হাউচ ফুল কহিনুৰৰ।

শেহতীয়া ভাবে ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কত চাৰ্কাচ, চিত্ৰহাৰৰ দৰে আদি শব্দবোৰ ব্যৱহাৰ হোৱাৰ বাবে দুখ প্ৰকাশ প্ৰযোজক তপন লহকৰ।
নাটকত সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰক চাৰ্কাচলৈ ৰূপান্তৰিত নকৰিবলৈ ও আহ্বান প্ৰযোজক লহকৰ ।

লগতে পঢ়ক : Tragic incident : কুলংগাৰ পুত্ৰৰ অত্যাচাৰৰ বলি বৃদ্ধ পিতৃ -মাতৃ