Local, Vocal, Global

WATCH | Bhogeswar Baruah : অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নামকৰণ সৰুসজাই ষ্টেডিয়াম

শিৱসাগৰ,২৯মে’ : অৰ্জুন ভোগেশ্বৰ বৰুৱা নামত হ’ব সৰুসজাই ষ্টেডিয়াম অসম চৰকাৰৰ কবিনেটত সিদ্ধান্ত ।

অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক লৈ উৎফ্যুল্লিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ৷

সৰুসজাই ষ্টেডিয়ামক অৰ্জুন ভূগেশ্বৰ বৰুৱা স্পৰ্টচ কম্প্লেস্ক নামেৰে নামাকৰণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ ৷

১৯৬৬ চনত বেংকক এচিয়ান গেমচত সোণৰ পদক অৰ্জনেৰে অৰ্জূন বটাঁৰে উত্তৰ পুৰ্বলৈ গৌৰৱ কঢ়িয়াই আনিছিল ভূগেশ্বৰ বৰুৱাই(Bhogeswar Baruah) ৷

জয়সাগৰৰ স্ব-গৃহত শাৰিৰীক ভাৱে অসুস্থ হৈ জিৰণি লৈ থকা অৰ্জুন গৰাকীয়ে অকপটে কৈ গ’ল…

মই ভাল পাইছো, মোৰ নামত নামাকৰণ হোৱাৰ বাবে ।

কিন্তু নামাকৰণ হলেই নহ’ব ষ্টেডিয়াম খন সঠিক ব্যৱহাৰ হ’ব লাগিব, নতুন নতুন খেলুৱৈৰ সৃষ্টি হ’ব লাগিব ৷

ষ্টেডিয়াম সঠিক পৰিচালনা হ’ব লাগিব । মই চৰকাৰৰ সৈতে আলোচনাত বহিম ।

লগতে পঢ়ক : WATCH | Goreswar News :’বিদেশীৰ নামত ভাৰতীয় নাগৰিক সংখ্যা লঘুসকলক টাৰ্গেট কৰি নিক্ষেপ কৰা ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে’