Local, Vocal, Global

WATCH | Bhitali Das 4th death anniversary : আজি কন্ঠশিল্পী ভিতালী দাসৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী

উত্তৰ গুৱাহাটী,২১এপ্ৰিল : আজি কন্ঠশিল্পী ভিতালী দাসৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী ।

গুৱাহাটীত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

জনপ্ৰিয় কন্ঠশিল্পী প্ৰয়াত ভিতালী দাসৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

উক্ত অনুষ্ঠানতে সাংবাদিক সন্থাৱে “ভিতালী দাস সোঁৱৰণী বঁটা” এইবেলি জনপ্ৰিয় কন্ঠশিল্পী নিৰ্মালি দাসক প্ৰদান কৰে(Bhitali Das 4th death anniversary)।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই মূৰ্চ্ছনা সংগীত একাডেমীৰ সহযোগত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী গৰাকীক উক্ত বঁটা প্ৰদান কৰে অসম বৈভৱ বটাৰে বিভূষিত লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাই ।

উল্লেখ্য, প্ৰয়াত শিল্পী ভিতালী দাসৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰতিবছৰে একোগৰাকীকৈ শিল্পীক বঁটা প্ৰদান কৰি আহিছে ।

ইফালে, উক্ত অনুষ্ঠানতে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই সাংবাদিক মায়াৰাম তামুলী গ্ৰাম্য সাংবাদিকতা বঁটা সৰুপেটাৰ গপেশ চন্দ্ৰ দাসক আৰু সাংবাদিক ভৈৰৱ শৰ্মা সোঁৱৰণী বঁটা ৰাজ্যৰ প্ৰবীণ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীক প্ৰদান কৰে ।

বঁটা প্ৰদান অনুষ্ঠানত শিক্ষাবিদ ড’ দয়ানন্দ পাঠক,আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট চিকিৎসক শিল্পী ডা: অঞ্জনজ্যোতি চৌধুৰী উপস্থিত আছিল।

লগতে পঢ়ক : WATCH | Bhupen Kumar Borah : নাথুৰাম গডছেৰ বন্দুক বিজেপিৰ প্ৰতীক চিহ্ন হ’ব লাগে : ৰাজ্যিক সভাপতি ভূপেন বৰা