Local, Vocal, Global

‘ভৱেশ কলিতাই চাকৰি দিছিল বিজেপিৰ মানুহক’

নিউজ ডেস্ক : ২০গৰাকী চাকৰি পোৱা লোকৰ নাম আছে অংকিতাৰ হাতত। বিজেপি চৰকাৰে যি দৰে ঢাক-ঢোল বজাই স্বচ্ছ নিযুক্তিৰ কথা কৈছে, তাৰ বিপৰীতে ৰাজ্যত বৰ্তমানেও চাকৰিৰ নামত দালালি হৈ থকা পৰিলক্ষিত হৈছে।

অসমৰ লাখ লাখ নিবনুৱাক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে।

ভিক্টৰ দাসে অসম আৰক্ষীৰ ওচৰত অভিযোগ লৈ গৈছিল, ৰহস্যজনকভাৱে অসম আৰক্ষীয়ে ভিক্টৰ দাসকে দোষী সজাইছে। ভিক্টৰ দাসক শীঘ্ৰেই মুকলি কৰাৰ আহ্বান।

ৰূপম দাস নামৰ এজন বিজেপিৰ যুৱ নেতাইও কিছু দিন পূৰ্বে Facebook ত পোষ্ট দিছিল। ভৱেশ কলিতাৰ বিৰুদ্ধে লিখিছিল ।

জয়া কলিতাৰ অভিযোগক লৈ সৰৱ যুৱ কংগ্ৰেছ । আজিলৈকে বিজেপিৰ সভাপতি বিৰুদ্ধে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

জয়া কলিতাই মিছা কথা কোৱা নাই। জলসিঞ্চন বিভাগৰ ২০২০ বৰ্ষৰ চাকৰিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। ৬৪৩ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। ভৱেশ কলিতাৰ সমষ্টিতে ৪০-৫০ জনে জলসিঞ্চনত চাকৰি চাকৰি লাভ কৰিছিল।

ভৱেশ কলিতাৰ সমষ্টিৰ বহু ঘনিষ্ঠ লোকে জলসিঞ্চন বিভাগৰ চাকৰি লাভ কৰিছিল ২০২০ বৰ্ষত।

কলিতাই মন্ত্ৰী হৈ থকাৰ সময়ত বক্ৰ পথেৰে চাকৰি দিয়াৰ অভিযোগ। এই বিস্ফোৰণ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ। আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত অংকিতা দত্তৰ বিস্ফোৰণ।


২০গৰাকী চাকৰি পোৱা লোকৰ নাম আছে অংকিতাৰ হাতত। ৰাজ্যত চাকৰি দিয়াৰ নামত দালালি অব্যাহত থকা বুলিও দাবী অংকিতাৰ।


অসমৰ লাখ লাখ নিবনুৱাক বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ দত্তৰ। অসম আৰক্ষীৰ ওচৰলৈ অভিযোগ লৈ যোৱা জনক দোষী সজালে। ভিক্টৰ দাসক দোষী সজোৱাতো ৰহস্যজনক বুলি মন্তব্য অংকিতাৰ।