ভোট বিচাৰি গুৱাহাটীত মল্লিকাৰ্জুন খাৰ্গে, ভূপেন-গৌৰৱ-ৰকিবুল-ৰাণাৰ আদৰণি
নিউজ ডেস্ক: কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গে আজি প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত হয়৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে খাৰ্গেক উষ্ম আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন আৰু ৰাণা গোস্বামীয়ে৷ খাৰ্গেয়ে কংগ্ৰেছৰ সাংগঠনিক ভোটাৰ তথা প্ৰতিনিধিৰ পৰা ভোট বিচাৰি আহ্বান জনাব বুলি জানিব পৰা গৈছে৷ গুৱাহাটীৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ যাব পাৰে খাৰ্গেয়ে৷