Local, Vocal, Global

Bharat Jodo Nyay Yatra Resumes from Sekmai : আজি ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ’ দ্বিতীয়টো দিন

নেশ্যনেল ডেস্ক, ১৫ জানুৱাৰী : দেওবাৰৰ পৰা আৰম্ভ হয় ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ । পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে(Bharat Jodo Nyay Yatra) । ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই নতুন যাত্ৰা ২০ মাৰ্চত সমাপ্ত হ’ব(Bharat Jodo Nyay Yatra begins from Manipur) ।

দেওবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৱায়ানাড়ৰ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ থৌবালৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰে । ১৪ জানুৱাৰীৰ পৰা মণিপুৰত আৰম্ভ হোৱা এই যাত্ৰাই ১৫খন ৰাজ্যৰ ১১০খন জিলাত ৬৭১৩ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰাৰ কথা আৰু ২০ মাৰ্চত মুম্বাইত শিখৰত উপনীত হ’ব(Bharat Jodo Nyay Yatra Resumes from Sekmai )।

আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়। দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে পুৱতি নিশাই মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হয় ৷ তাৰ পিছত কাংপোকপি আৰু পিচত মণিপুৰৰ সেনাপতিলৈ যাত্ৰা হয় ৷ আজি চেকমাইৰ পৰা গৈ নিশা নাগালেণ্ডত উপস্থিত হ’ব আৰু যাত্ৰাৰ দলটো নিশা তাত থাকিব(Bharat Jodo Nyay Yatra resumes from Sekmai, Imphal West on the 2nd day of its journey.) ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয় দিনা পুৱা ৭:৩০ বজাত সেৱা দলৰ দ্বাৰা কেম্পচাইটত পৰম্পৰাগত পতাকা উত্তোলনৰ সৈতে আৰম্ভ হয় । মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰই পতাকা উত্তোলন কৰে(Jairam Ramesh during Congress’ Bharat Jodo Nyay Yatra) ।

দলৰ সামাজিক মাধ্যমৰ প্ৰতিনিধি সুপ্ৰিয়া শ্ৰীনেটে এক্সৰ পোষ্টত কয়, “ন্যায়ৰ বাবে চিঞৰ বাখৰ কৰা প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে সাজু হৈছো আপোনাৰ কথা শুনিবলৈ – নিবনুৱা, মুদ্ৰাস্ফীতি, দৰিদ্ৰতা, অপৰাধ, নিৰাপত্তাহীনতাৰ ওপৰত আমি একেলগে একত্ৰিত হৈ সমাধান বিচাৰি পাম(Congress’ Bharat Jodo Nyay yatra resumes in Manipur) ।”

দেওবাৰে ৰাহুল গান্ধী যাত্ৰাৰ আৰম্ভ কৰাৰ সময়ত কৈছিল যে তেওঁৰ দলে জনসাধাৰণৰ ন্যায় নিশ্চিত কৰিবলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । তেওঁৰ মতে সম্প্ৰতি সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো ক্ষেত্ৰতে অন্যায় চলি আছে । সেয়েহে কংগ্ৰেছ দলে এই অন্যায়ৰ বিৰুদ্ধে যাত্ৰা আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Tanzania Mine Landslide : ভয়ংকৰ ভূমিস্খলনৰ ঘটনা; মৃত্যু ২২জনৰো অধিক লোক