Local, Vocal, Global

Bharat Jodo Nyay Yatra : কাইলৈৰ পৰা অসমত আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

নিউজ ডেস্ক, ১৭ জানুৱাৰী : দেওবাৰৰ পৰা আৰম্ভ হয় ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ । পূবৰ পৰা পশ্চিমলৈ যাত্ৰাৰ উদ্দেশ্যৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিলে ভাৰত ন্যায় যাত্ৰা (Bharat Jodo Nyay Yatra) । ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই নতুন যাত্ৰা ২০ মাৰ্চত সমাপ্ত হ’ব(Bharat Jodo Nyay Yatra) ।১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’।

১৮জানুৱাৰী অৰ্থাত কাইলৈৰ পৰা অসমত আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। কাইলৈ নাগালেণ্ড পৰা অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই।ৰাহুল গান্ধীৰ এই যাত্ৰা আমগুৰিৰ পৰা মৰিয়নি, যোৰহাট হৈ ১৯ জানুৱাৰীত মাজুলীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ এই যাত্ৰাই। ১৯ জানুৱাৰীত মাজুলীত দিনটো কটাই, ঢকুৱাখনা হৈ গোগামুখত ৰাতি থাকিব ৰাহুল গান্ধীয়ে।

ইতিমধ্যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। মাজুলীত বাহৰ পাতিছে অসম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।

লগতে পঢ়ক :3 dead, several injured as police bus collides with tractor : আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ;নিহত ৩জনকৈ আৰক্ষী,আহত ১০জন