Local, Vocal, Global

Benefits of Parijat Flower : সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ শেৱালি ফুল;আহক জানি লও শেৱালি ফুলৰ উপকাৰিতাৰ বিষয়ে

সমাগত শাৰদীয় দুর্গোৎসৱ(Benefits of Parijat Flower) । দুর্গোৎসৱ বুলিলেই আমাৰ মনলৈ আহে শুভ্ৰতা,স্নিগ্ধ ।শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি যেন আধৰুৱা । শেৱালি ফুল দেখিবলৈ যিদৰে মনোমোহা সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ। শেৱালি ফুল সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ। শেৱালি ফুলক আয়ুৰ্বেদিক,হোমিঅ’পেথিক ঔষধ স্বৰূপেও ব্যৱহাৰ কৰা হয়। কেৱল শেৱালি ফুলেই নহয় ইয়াৰ পাতবোৰতো আছে বহুতো ঔষধিযুক্ত গুণ(Benefits of Parijat Flower and Leaves for Health)।

আয়ুৰ্বেদিক তথা বিভিন্ন ঔষধৰ বাবে শেৱালি ফুলৰ পাত অতি উপকাৰী। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত এই শেৱালি ফুলৰ লগতে শেৱালিৰ পাত নিয়মিতভাৱে আহাৰৰ লগত ৰাখিব পাৰি। শেৱালি ফুলৰ আছে বহুটো উপকাৰী(Know the many Health Benefits of Parijat Flower)।

আহক জানি লওঁ শেৱালি ফুলৰ উপকাৰিতাৰ বিষয়ে

শেৱালিৰ ফুলৰ পাত আৰু গা-গছৰ ছাল ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

জ্বৰ-কাহ শেৱালি ফুলৰ কুমলীয়া পাত মৌৰ লগত সেৱন কৰিলে সোনকালে উপশম পোৱা যায় ।

শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।

শেৱালি গছ ঘৰৰ চৌহদত থাকিলে ইয়াৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে ।

জ্বৰ হ’লে শেৱালি গছৰ পাতৰ ৰস অথবা গা-গছৰ ছাল গুৰি কৰি খালে জ্বৰ আৰোগ্য হয়।

শেৱালি গছৰ পাতৰ ৰসে কৃমিজনিত সকলো ৰোগৰ পৰা নিৰাময় কৰে।

ইয়াৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে কাঁহ ভাল হয় ।

বসন্ত ৰোগ নিৰাময়ৰ বাবে শেৱালি ফুল ব্যৱহাৰ কৰা হয়।

চুলি সৰা,অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।

শৰৎ কালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।

শেৱালি ফুলৰ শুকুৱাই থৈ আঞ্জা বনাই খালে পাচনতন্ত্ৰ শক্তিশালী হয় ।

শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে । মানুহৰ ঘৰ-বাৰীত শেৱালি ফুল,মহানিমৰ গছ আৰু কলা তুলসীৰ গছ থাকিলে কেতিয়াও বায়ু প্রদূষণ নহয় । লগতে বসন্ত আদি ৰোগ নহয় বুলিও কোৱা হয় ।

শেৱালি ফুলৰ পাতে কৃমি পেলু নাশ কৰে ।

হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে, যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায় । এতিয়া পাত্রত ৰৈ যোৱা পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি ।

মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষৰ বাবে শেৱালি ফুল অতি উত্তম ।ইণ্ডোনেছিয়া,মালয়েছিয়া আদি দেশতো এই পাত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক :Benefits of Bael : স্বাস্থ্যৰ পক্ষে বেল কিমান উপকাৰী আপুনি বাৰু জানেনে ?