Local, Vocal, Global

Benefits of Neem Leaves for Diabetic Patients : ডায়েবেটিছ ৰোগৰ মহৌষধ নিম পাত

নিম এবিধ ঔষধি গছ । নিমৰ আছে বহু উপকাৰিতা(Neem For Diabetes) । নিমৰ ডাল, পাত ৰস, শিপা সকলো উপযোগী আমাৰ বাবে । ভাৰতত নিমক পবিত্ৰ গছ আৰু সকলো ৰোগৰ দৰৱ বুলি গণ্য কৰা হয় । নিমক আয়ুৰ্বেদক এক অতুলনীয় ঔষধ হিচাপে বিবেচনা কৰা হয় । বহু স্বাস্থ্য সমস্যা দূৰ কৰিবলৈ ইয়াৰ ব্যৱহাৰ কাৰ্যকৰী হিচাপে বিবেচিত হৈছে । নিম পাত ডায়েবেটিক প্ৰতিৰোধী গুণাগুণৰে সমৃদ্ধ। নিম পাতত গ্লাইকোচাইড, ট্ৰাইটাৰপেনইড, এণ্টিঅক্সিডেণ্ট, ফ্লেভোনইড, এণ্টিমাইক্ৰোবাইল, এণ্টিডায়েবেটিক আৰু প্ৰদাহ-প্ৰতিৰোধী গুণ থাকে। এই সকলোবোৰ পুষ্টিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

দিনে দিনে সলনি হৈ পৰা জীৱনশৈলী তথা ভুল খাদ্যাভ্যাসৰ বাবে আজিকালি প্ৰায় সকলো বয়সৰ লোকেই ডায়েবেটিচৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত হোৱা দেখা যায় । ঔষধ সেৱন আৰু ইনচুলিন গ্ৰহণ কৰি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা হয় যদিও ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ আহাৰৰ ক্ষেত্ৰতো বিশেষ যত্ন লোৱাটো প্ৰয়োজন।

ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে নিম পাত খোৱাটো অতি উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিমপাত কেতিয়া, কেনেদৰে গ্ৰহণ কৰিব লাগে জানো আহক(Benefits of Neem Leaves for Diabetic Patients)

নিমপাত কিদৰে খাব

ডায়েবেটিচ ৰোগীয়ে ৰাতিপুৱা খালী পেটত নিম পাত খোৱাটো অতি উপকাৰী। ইয়াৰ বাহিৰেও, ঔষধি গুণ লাভ কৰিবলৈ আপুনি নিম পাত কেঁচাকৈ চোবাব।

যদি আপুনি ডায়েবেটিচ ৰোগীত আক্ৰান্ত তেন্তে আপুনি নিম পাতৰ পৰা প্ৰস্তুত কৰা পানীও খাব পাৰে। এই পানী প্ৰস্তুত কৰিবলৈ পানীত অলপ নিম পাত উতলাব। নিম পাতখিনি কোমল আৰু পানীখিনি গাঢ় হ’লে গেছটো বন্ধ কৰিব।পানীখিনি ঠাণ্ডা হ’লে ছেকিনিৰে ছেকি এটা পাত্ৰত ৰাখি দিনত দুবাৰকৈ এই পানী খাব।

আপুনি নিম পাতৰ পৰা প্ৰস্তুত কৰা গুৰিও আপুনি খাব পাৰে। ই ডায়েবেটিচ ৰোগীৰ বাবে যথেষ্ট উপকাৰী । পানীত ১ চাহ চামুচ এই পাউডাৰ মিহলি কৰি আপুনি দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰৰ আধা ঘণ্টা আগতে খাব।

নিম পাত খোৱাৰ বহুটো লাভালাভ আছে যদিও তাৰে ভিতৰত কেইটামান হ’ল (Benefits of Neem Leaves)

তেজ পৰিস্কাৰ হয়।

ছাল পৰিস্কাৰ হয়।

যকৃত আৰু বৃক্কৰ লেতেৰাখিনি শৰীৰৰ বাহিৰ হয়।

মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী।

যিকোনো আঘাত বা ফোঁহা সোনকোলে ভাল হয়।

লগতে পঢ়ক :Ginger For Weight Loss: পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আদা স্বাস্থ্যৰ আমাৰ বাবে অতি উপকাৰী