Local, Vocal, Global

Benefits of Ghee : ঘিউৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? আহক ঘিউৰ উপকাৰিতাৰ বিষয়ে জানো

আয়ুৰ্বেদ আৰু শাস্ত্ৰত বিশুদ্ধ ঘিউক পবিত্ৰ আৰু অমৃত বুলি গণ্য কৰা হয়। আপুনি জানেনে ঘিউত বহুতো উপকাৰিতা আছে(Benefits of Ghee)। ঘিউত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু স্বাস্থ্যকৰ উপাদান আছে, কিন্তু ঘিউ সীমিত পৰিমাণে খাব লাগে। দিনটোৰ আৰম্ভণিতে ঘিউ খোৱাৰ লাভালাভ বহুতো আছে(Benefits Of Ghee You May Not Have Known)।

জানো আহক ঘিউৰ উপকাৰিতা

ঘিউ খালে ইনচুলিনৰ সঁহাৰি বৃদ্ধি হয়, হজম আৰু স্বাস্থ্য ভাল হয়। ঘিউত থকা ভিটামিন কে-য়ে কেলচিয়াম শোষণত সহায় কৰে। বিশুদ্ধ ঘিউৱে দাঁতৰ ক্ষয় আৰু হাড়ৰ দুৰ্বলতা দূৰ কৰে।

বিশুদ্ধ ঘিউৱে দাঁতৰ ক্ষয় আৰু হাড়ৰ দুৰ্বলতা দূৰ কৰে।ঘিউৰ বিভিন্ন উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে, এনেদৰে সঘনাই হোৱা ৰোগৰ প্ৰৱণতা নাইকিয়া কৰে। ঘিউৱে সৰলতম আহাৰৰ সোৱাদ বৃদ্ধি কৰে ।

ঘিউয়ে প্ৰদান কৰা স্বাস্থ্যকৰ চৰ্বিৰ বাবেও ই বহুলভাৱে জনাজাত । ঘিউ কেৱল সোৱাদৰ বাবে নহয়, ইয়াত ঔষধি গুণাগুণো আছে । ঘিউৰ বহুতো আয়ুৰ্বেদিক লাভালাভ আছে আৰু প্ৰতিদিনে খালী পেটত ঘিউ সেৱন কৰাটো উপকাৰী ।

আয়ুৰ্বেদৰ মতে, ঘিউৱে ক্ষুদ্ৰ অন্ত্ৰৰ শোষণ কৰাৰ ক্ষমতা উন্নত কৰে আৰু ই গেষ্ট্ৰোইনটেষ্টিনেল ট্ৰেক্টৰ পিএইচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । ঘিউৱে আপোনাৰ সামগ্ৰিক অন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে । প্ৰতিদিনে কেৱল এচামুচ ঘিউ সেৱনে আপোনাক আপোনাৰ গেষ্ট্ৰোইনটেষ্টিনেল নিয়ন্ত্ৰণত সহায় কৰিব পাৰে । ই Bytric acidৰ এক উৎকৃষ্ট উৎস, যি অন্ত্ৰবোৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে । ঘিয়ে কোষ্ঠকাঠিন্যত সহায় কৰে, গাখীৰৰ সৈতে ১-২ চামুচ ঘিউ খালে কোষ্ঠকাঠিন্যযুক্ত পেটৰ পৰা সকাহ পোৱাত সহায় কৰে((Benefits Of Ghee You May Not Have Known)) ।

ৰুটিৰ ওপৰত ঘিউ প্ৰয়োগ কৰাটো ভাৰতৰ এটা পৰম্পৰাগত । ঘিউ প্ৰয়োগ কৰিলে ইয়াৰ গ্লাইচেমিক পৰিমাণ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

যদিও ঘিউৱে আপোনাৰ কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰিব পাৰে তথাপিও ই পৰিশোধিত তেলতকৈ বহুত সুৰক্ষিত বিকল্প । ঘিউত পোৱা চৰ্বিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগায়, লগতে ই চৰ্বিৰ ৰূপত জমা নহয়।

লগতে পঢ়ক :Benefits of Papaya : অমিতা আমাৰ দেহৰ বাবে কিমান উপকাৰী জানেনে ? কি ৰোগ নিৰাময় কৰে অমিতাই জানো আহক