Local, Vocal, Global

Benefits of Fruit Peel : ফলৰ বাকলি আমাৰ ছাল, চুলিৰ বাবে কিমান উপকাৰী আপুনি বাবে জানেনে

মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফলমূলে অধিকাৰ কৰি আছে । ফল হৈছে প্ৰকৃতিৰ এক উৎকৃষ্ট উপহাৰ। প্ৰাকৃতিক শৰ্কৰা ঐৰু প্ৰায়োজনীয় পুষ্টিৰে পৰিপূৰ্ণ যি উন্নত শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে একাধিক লাভালাভ প্ৰদান কৰে ফলমূলে।

দৈনন্দিন খাদ্য তালিকাত ফলমূলৰ বাবে এটা সুকীয়া স্থান সকলোৱে ৰাখে । ফলমূলৰ উপকাৰিতাৰ বিষয়ে আপোনাক নতুনকৈ কোৱাৰ প্রয়োজন নাই ৷ কিন্তু আমি যিকোনো ফল খায় বাকলি পেলাই দিয়াটো আমাৰ অভ্যাস। আপুনি জানেনে এই ফলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে। বহুতে অৱশ্যে ফুলগছক পুষ্টি যোগাবলৈ গছৰ গুৰিৰ মাটিত ফলৰ বাকলিবোৰ মিহলি কৰি দি(Benefits of Fruit Peel) ।

কিন্তু আজি আমি আপোনালোকক ফলৰ বাকলিবোৰত এনে কিছুমান ব্যৱহাৰৰ কথা কবলৈ গৈ আছোঁ যিটো আপুনি নিঃসংকোচে ব্যৱহাৰ কৰিব পাৰিব । বজাৰৰ পৰা অতি উৎকৃষ্টমানৰ বুলি ক্রয় কৰি অনা ব্যয়বহুল প্রসাধন সামগ্রীসমূহৰ পার্শ্বক্রিয়াৰ পৰা ছাল–চুলিক ৰক্ষা কৰিবলৈ আপুনি সক্ষম হব।

আজি আমি আপোনাক ফলৰ বাকলিৰ উপকাৰিতা বিষয়ে কবলৈ গৈ আছোঁ(Benefits of fruit peel)

আহকচোন আজি আমি ফলৰ বাকলিৰ গুণাগুণৰ বিষয়ে আলোচনা কৰোঁ ৷ফলৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা আনে।

আমৰ বাকলি – আপুনি আমৰ বাকলি ব্যৱহাৰ কৰিব পাৰে । আমৰ বাকলিৰ পেষ্ট চুলিত ঘঁহি আধা ঘণ্টামানৰ পিছত ধুব ৷ ই চুলিৰ উফি দূৰ কৰে আৰু চুলি চিকচিকিয়া কৰি তোলে ৷ আমৰ বাকলিৰ পেষ্টৰ লগত সামান্য দৈ আৰু কণীৰ কুহুম মিহলাই সানিলে ই কণ্ডিচনাৰৰ কাম কৰে ৷

কলৰ বাকলি – কলৰ বাকলিত থকা ভিটামিন চি আৰু এন্টি ইনফ্লেমেটৰী গুণাগুণে সূৰ্যৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা ব্ৰণ আৰু বিভিন্ন ক্ষতিৰ সমাধান কৰিব পাৰে । আপোনাৰ মুখখন ধোৱাৰ পাছত আৰ্দ্ৰ আৰু পুষ্টিকৰ ছাল প্ৰকাশ কৰিবলৈ কেইমিনিটমানৰ বাবে সতেজ কলৰ বাকলিৰে মালিচ কৰক ।

অমিতা বাকলি – অমিতাৰ বাকলিত পেপাইন নামৰ এক এনজাইম থাকে,যাৰ বাবে ছালৰ কোষ পুৰন গঠনত সহায়ক হয়।আপুনি অমিতাৰ পেষ্ট এটা তৈয়াৰ কৰিবলৈ এটা অমিতাৰ বাকলি অলপ দৈ আৰু মৌৰ সৈতে মিহলি কৰক।ই ছালৰ ৰং উজ্জ্বল কৰে আৰু ছালখনক এক যৌৱন, শক্তিশালী ৰূপ প্ৰদান কৰে।

কমলা বাকলি – আপোনাৰ তৈলাক্ত বা ব্ৰণ-প্ৰৱন ছালত কমলা বাকলি উপযোগী।ইয়াৰ বাবে কেৱল বাকলিবোৰ শুকুৱাই লওক আৰু সেই গুৰিৰে গোলাপৰ পানীৰ সৈতে মিহলি কৰক।তেল আৰু ব্ৰণ দূৰত ৰাখিবলৈ এই পেষ্টটো ব্যৱহাৰ কৰি এক্সপলিয়েট কৰক।