Local, Vocal, Global

Benefits of Fenugreek Seeds: মেথি গুটিত আছে স্বাস্থ্যৰ বাবে উপকাৰী বহুটো গুণাগুণ

বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰা মেথিগুটি মছলাৰ আছে বিভিন্ন গুণ। মেথি গুটিৰ আছে যথেষ্ট উপকাৰী।মেথিগুটিত পোৱা যায় প্ৰচুৰ পৰিমাণৰ ভিটামিন-মিনাৰেল।মেথিগুটিত থকা এন্টি অক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰি উপাদান স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপুনি হয়তো পুৱা সময়ত কেইবাবৰো মেথিৰ বীজ সেৱন কৰে ।লগতে আপুনি চুলি উন্নত কৰিবলৈ মেথি ব্যৱহাৰ কৰে ।আমাৰ স্বাস্থ্যৰ বাবে মেথিৰ বীজ অতি উপকাৰী । মেথিৰ বীজ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী লগতে ই আমাক ডাঙৰ ৰোগৰ পৰা আঁতৰাই ৰাখে(Benefits of Fenugreek Seeds) ।

আহক আজি আমি মেথিগুটিৰ উপকাৰিতাৰ বিষয়ে জানো(Benefits of Fenugreek Seeds)

কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক মেথি গুটি।মেথিত থকা উপাদানে শৰীৰক অতিৰিক্ত কলেষ্টেৰল উৎপাদনত বাধা দিয়ে। নিয়মীয়াকৈ খাদ্যৰ সৈতে মেথি খালে কলেষ্টেৰল মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

গাঁঠিৰ বিষ আৰু ফুলাত মেথিৰ বীজ অতি সহায়ক । মেথিৰ গুণাগুণ আইৰণ, কেলচিয়াম , ফছফৰাছ , প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট। যি গাঁঠিৰ বিষৰ পৰা উপশম কৰাত সহায় কৰে।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত মেথি গুটিয়ে সহায় কৰে। ১০ গ্ৰাম মেথিগুটিত গৰম পানীত তিয়াই থৈ খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।

মাতৃ দুগ্ধৰ বাবে মেথি গুটি অতি উপকাৰী। মেথিৰে চাহ খালে মাতৃৰ দুগ্ধৰ পৰিমাণ বৃদ্ধি পায়।

হজম শক্তি বৃদ্ধি কৰাত সহায়ক মেথিগুটিয়ে।

মহিলাৰ মাহেকীয়া হোৱাৰ পূৰ্বে কিছুমান সমস্যাত মেথিগুটি খালে সুফল পোৱা যায়। ইয়াৰ উপৰিও ৰজানিবৃত্তিৰ সময়ত সৃষ্টি হোৱা বিভিন্ন সমস্যাত মেথিগুটিৰ দৈনিক ব্যৱহাৰে সুফল দিয়া দেখা যায়।

চুলিৰ স্বাস্থ্য ৰক্ষাত মেথিৰ ব্যৱহাৰ অতি উপকাৰী।উফি,চুলি সৰা আদি বিভিন্ন সমস্যাত মেথিৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

কোষ্ঠকাঠিন্য, বদহজম, এচিডিটি, আদি সমস্যাত মেথিশাক বা মেথিগুটি খালে সুফল পোৱা যায়। ভাজি গুড়ি কৰি মেথিগুটি অকণমান এগিলাচ পানীত মিহলাই নিতৌ খালে গেছৰ আৰু বদহজমৰ সমস্যা আঁতৰি যায়।

ছালৰ বিভিন্ন ৰোগত, বিশেষ কৰি ভেকুঁৰজনিত কিছুমান ৰোগত মেথিগুটি ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ বাবে কেইচামুচ মান মেথিগুটি পানীত এৰাতি তিয়াই ৰাখক। ৰাতিপুৱা তাৰ লগত কেঁচা হালধীৰ পেষ্ট বনাই আক্রান্ত অংশত আধা ঘন্টা মান লগাই ৰাখক। তাৰপাছত ধুই দিব লাগে।

মেথিৰ বীজে ওজন হ্ৰাস কৰাত যথেষ্ট সহায়ক ।মেথিত পলিফেনল থাকে যি আমাৰ ওজন হ্ৰাস কৰাত সহায় কৰে । শৰীৰত চৰ্বি জমা হোৱা প্ৰতিহত কৰিবলৈ মেথিয়েও ভালদৰে কাম কৰে। মেথিত আঁহ থাকে যি আহাৰ হজম কৰাৰ লগতে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

লগতে পঢ়ক : Benefits of Eggs : ওজন বৃদ্ধিৰ বাবে সমস্যাত ভুগিছে নেকি আপুনি ?