Local, Vocal, Global

Benefits of Eating Ghee on an Empty stomach in the Morning : দিনটোৰ আৰম্ভণিতে ঘিউ খোৱাৰ লাভালাভৰ বিষয়ে জানেনে আপুনি

অধিকাংশ লোকেই গৰম চাহ বা কফিৰে তেওঁলোকৰ দিনটো আৰম্ভ কৰে ৷ কিন্তু প্ৰকৃততে পুৱা খালী পেটত চাহ আৰু কফি খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷

ইয়াৰ ফলত এচিডিটি আৰু পাকস্থলীৰ সৈতে সম্পৰ্কিত বহু সমস্যাই দেখা দিয়ে ৷ যদি আপুনি আপোনাৰ স্বাস্থ্য ভাল হৈ থকাটো বিচাৰে, তেন্তে আপোনাৰ অভ্যাস সলনি কৰক ৷ চাহ-কফিৰ সলনি পুৱা খালী পেটত ঘিউ খাবলৈ আৰম্ভ কৰক ৷

আয়ুৰ্বেদ আৰু শাস্ত্ৰত বিশুদ্ধ ঘিউক পবিত্ৰ আৰু অমৃত বুলি গণ্য কৰা হয়। আপুনি জানেনে ঘিউত বহুতো উপকাৰিতা আছে (Benefits of Ghee)। ঘিউত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু স্বাস্থ্যকৰ উপাদান আছে, কিন্তু ঘিউ সীমিত পৰিমাণে খাব লাগে।

দিনটোৰ আৰম্ভণিতে ঘিউ খোৱাৰ লাভালাভ বহুতো আছে(Benefits of Eating Ghee on an Empty stomach in the Morning)।

পুৱা ঘিউ খোৱাৰ উপকাৰিতাসমূহৰ বিষয়ে আজি জানো আহক-

ওজন নিয়ন্ত্ৰণত সহায়ক

বহুলোকে অনুভৱ কৰে যে ঘিউত চৰ্বি থাকে, যিয়ে ওজন বৃদ্ধি কৰে ৷প্ৰকৃততে, ঘিউত স্বাস্থ্যকৰ চৰ্বি থাকে, যি ওজন নিয়ন্ত্ৰণতহে সহায় কৰে ৷ একে সময়তে, ই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখে, যি ভোক নিয়ন্ত্ৰণ কৰাতো সহায় কৰে ৷

হজম উন্নত হয়

ঘিউৰ ব্যৱহাৰে পাচনতন্ত্ৰ উন্নত কৰে ৷ পুৱা ইয়াক কম পৰিমাণে সেৱন কৰিলে পাচনতন্ত্ৰ উন্নত হয় ৷ ই পুষ্টি আহৰণত সহায় কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰি ৰাখে ৷

খালী পেটত ঘিউ কেনেদৰে খাব ?

খালী পেটত এক গিলাচ পানীত এক চামুচ ঘিউ মিহলি কৰি খাব ৷পানীখিনি অলপ কুহুমীয়া গৰম কৰি ল’ব ৷

ছাল স্বাস্থ্যৱান কৰে

ঘিউত থকা ভিটামিন আৰু এণ্টিঅক্সিডেণ্টে ভিতৰৰ পৰা ছালখনক স্বাস্থ্যৱান কৰে ৷ ই ছালক প্ৰাকৃতিক তথা ৰং উজ্জ্বল কৰাত সহায় কৰে ৷

ৰক্ত শৰ্কৰা সন্তুলিত হৈ থাকে

চাহ-কফিত যথেষ্ট পৰিমাণে চেনী ব্যৱহাৰ কৰা হয়, যি স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ ইয়াৰ সলনি পুৱা ঘিউ খালে ই ৰক্ত শৰ্কৰাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায় ৷ ঘিউয়েে ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ কৰাত সহায় কৰে ৷ যিয়ে গোটেই দিনটো শৰীৰটোত শক্তি প্ৰদান কৰে ৷