Local, Vocal, Global

Benefits of Dragon Fruit: ড্ৰেগন ফলৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

ড্ৰেগন ফল খাবলৈ বৰ সোৱাদ আৰু বজাৰত ইয়াৰ দাম সাধাৰণ ফলতকৈ অলপ বেছি ৷ ইয়াৰ বৈজ্ঞানিক নাম হিলোচেৰাছ উণ্ডাছ, যাক ভাৰতত ‘কমলাম’ বুলিও জনা যায় ৷ ই প্ৰধানকৈ লেটিন আমেৰিকাৰ দেশত উৎপাদিত হয় আৰু তাৰ পৰাই ড্ৰেগন ফল ভাৰতলৈও ৰপ্তানি কৰা হয়(Dragon Fruit Health Benefits) ৷ ড্ৰেগন ফলত থকা পুষ্টিকৰ উপাদানে বহু ৰোগ নিৰাময়ৰ কাম কৰে। যেতিয়াই স্বাস্থ্যকৰ ফলৰ কথা কোৱা হয়, তেতিয়াই ড্ৰেগন ফ্ৰুট বা পিটায়াৰ নামটোৱেই প্ৰথম স্থান লাভ কৰে। ই কেৱল খাবলৈ সোৱাদযুক্তই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী। ড্ৰেগন ফ্ৰুটত ভিটামিন চি, আঁহ, প্ৰটিন, কেৰটিন আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ইয়াত থকা পুষ্টিকৰ উপাদানে বহু ৰোগ নিৰাময়ৰ কাম কৰে(Benefits of Dragon Fruit)।

ড্ৰেগন ফলৰ উপকাৰিতা(Benefits of Dragon Fruit)

ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট থাকে। ই ৰক্ত সঞ্চালন উন্নত কৰাৰ কাম কৰে। ড্ৰেগন ফ্ৰুট খালে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

ড্ৰেগন ফলত থকা মেগনেছিয়ামে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ দৰে ৰোগৰ সম্ভাৱনা দূৰ কৰে।

ড্ৰেগন ফল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াত ভিটামিন চি আৰু এন্টি অক্সিডেন্ট থাকে, যাৰ ফলত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি বৃদ্ধি পায়।

ড্ৰেগন ফল পাচনতন্ত্ৰৰ বাবে উপকাৰী । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত হজম শক্তিৰ লগত জড়িত সমস্যাবোৰ দূৰ হয়।

ড্ৰেগন ফ্ৰুট খালে কোষ্ঠকাঠিন্য, বদহজম আৰু পেটৰ বিষ নিৰাময় কৰিব পাৰি।

ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। এই খালে শৰীৰত তেজৰ অভাৱ নাইকিয়া হয়। ড্ৰেগন ফ্ৰুট খোৱাটো মহিলাৰ বাবে অতি উপকাৰী। ই দুৰ্বলতা আৰু ভাগৰ আঁতৰোৱাৰ কাম কৰে।

ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু ফছফৰাছ থাকে। ই হাড় মজবুত কৰাৰ কাম কৰে। ড্ৰেগন ফ্ৰুট খালে গাঁঠি আৰু দাঁতৰ দুৰ্বলতা দূৰ হয়।

ডায়েবেটিছত সহায়ক যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে ড্ৰেগন ফল আপোনাৰ বাবে কোনো ঔষধতকৈ কম নহয় ৷ মধুমেহ ৰোগক নিৰাময় কৰাৰ কোনো উপায় নাই যদিও ‘ড্ৰেগন ফল’ খোৱাৰ ফলত ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷

ড্ৰেগন ফলত এন্টিঅক্সিডেন্ট আৰু এন্টিভাইৰেল গুণ পোৱা যায় যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পায় ৷

চুলি সুস্থ হৈ থাকিব ড্ৰেগন ফলত থকা পুষ্টিকৰ উপাদান চুলি আৰু ছালৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ‘ড্ৰেগন ফল’ত থকা ফেটি এচিডে চুলিক সুস্থ কৰি ৰাখে ৷