Local, Vocal, Global

Benefits Of Clay Pot Water : মাটিৰ পাত্ৰত ৰখা পানী আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানো আহক

স্বাস্থ্যৰ বাবে কিমান উপকাৰী কলহৰ পানী । বৰ্তমান যুগৰ ঠাণ্ডা ফ্ৰিজৰ পানীৰ চাহিদা যথেষ্ঠ বৃদ্ধি পাইছে। গতিকে আমাৰ গঞা সমাজত কলহৰ ব্যৱহাৰ কমি গৈছেফলত মানুহে কলহৰ পানী খোৱাও এৰি দিছে (Benefits Of Clay Pot Water)।

প্ৰাচীনকালত মানুহে পানী সংৰক্ষণ কৰিব বাবে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। কাৰণ মাটিৰ পাত্ৰত পানী ঠাণ্ডা হৈ থাকে। আৰু ই আমাৰ বাবে স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী।

গ্ৰীষ্মকালত আমি মাটিৰ পাত্ৰৰ পানী খাব লাগে। বৰ্তমান সময়ত প্ৰায় প্ৰতিটো পৰিয়ালতেই ৰেফ্ৰিজেৰেটৰ ব্যৱহাৰৰ ফলত মাটিৰ কলহৰ ব্যৱহাৰ হ্ৰাস পাইছে। কিন্তু স্বাস্থ্যৰ পক্ষে মাটিৰ পাত্ৰত ৰখা পানী পান কৰাটো অত্যন্ত উপযোগী।

মাটিৰ পাত্ৰত ৰখা পানী পান কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানো আহক-

এক প্ৰতিবেদন অনুসৰি, মাটিৰ পাত্ৰত ৰখা পানী ডিঙিৰ বাবে ভাল। সেয়েহে চৰ্দি, কাঁহ আৰু হাপানীত ভুগি থকা লোকসকলে ঠাণ্ডা ফ্ৰিজৰ পানীৰ সলনি মটকাৰ পানী খাব লাগে,

কলহৰ পানীয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাত সহায় কৰে

পেটৰ সমস্যাৰ বাবে উপকাৰী কলহৰ পানী।

নিয়মীয়াকৈ মাটিৰ পাত্ৰৰ পানী খালে আমাৰ পাচনতন্ত্ৰ উন্নত কৰে। গতিকে প্লাষ্টিকৰ বটলত ৰখা পানী স্বাস্থ্যৰ বাবে ভাল নহয়। মটকাত থকা পানীৰ বহুতো ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা আছে।

গেছ পেটৰ বিষ শৰীৰৰ যিকোনো ৰোগৰ পৰা আতৰাই ৰাখে কলহৰ পানীয়ে

গৰ্ভৱতী মহিলাৰ বাবে ফ্ৰিজৰ পানীৰ সলনি কলহৰ পানীহে উপযোগী

কলহৰ পানী খালে ডিঙিত কোনো প্ৰভাৱ পেলাব নোৱাৰে

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখে

ফ্ৰীজৰ পানী খালে গ্ৰন্থী বোৰ ফুলি যায় আনহাতে কলহৰ পানী খোৱাৰ ফলত এনে কোনো সমস্যা নহয় ।

কলহ সাধাৰণতে মাটিৰে নিৰ্মিত আৰু মাটিৰ উপাদান বোৰ পানীৰ সৈতে মিহলি হোৱাৰ পিছত ইয়াক অধিক স্বাস্থ্যকৰ কৰি তোলে ।