৪ দিনতে বেহাল ৫-জি সেৱা, ৫-জি দেশৰ দুৱাৰত নতুন যুগৰ আৰম্ভ

নিউজ ডেস্ক : অক্টোবৰত দেশত আৰম্ভ হৈছিল ৫-জি সেৱা৷ কিন্তু ৫-জি সেৱাই মানুহক সমস্যাত পেলাইছে৷ বহু দামি মোবাইল হেণ্ডছেটত ৫-জি সেৱাই কাম কৰা নাই৷ ইতিমধ্যে ইণ্ডিয়ান মোবাইল কংগ্ৰেছৰ সভাত এই কথা আলোচনা হৈছে৷ এপলৰ মোবাইলতো ৫-জি নেটৱাৰ্কে কাম কৰা নাই৷ দিল্লী, মুম্বাই, বাংগালুৰু, চেন্নাইত হায়দৰাবাদ, বেনাৰসতো ৫-জি নেটৱাৰ্কৰ সেৱা ব্যৰ্থ হৈছে৷ দেশৰ বেছিভাগ অংশতে এয়াৰটেলে ৫-জি সেৱা আগবঢ়াব পৰা নাই৷ তাৰ বিপৰীতে জিঅ’ নেটৱাৰ্কত কিছু পৰিমাণে সফল হৈছে ৫-জি৷ ৫-জি স্প্ৰেকট্ৰামত ভোডাফোনৰ সেৱাও অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উঠিছে৷ অৰ্থাৎ যোৱা ৫ দিনত ৫-জি সেৱাই দেশত বিশেষ প্ৰভাৱ পেলাব নোৱাৰাটো পৰিলক্ষিত হৈছে৷
তথ্য প্ৰযুক্তিৰ দিশত ভাৰতৰ আৰু এখোজ৷ নৰেন্দ্ৰ মোদী চৰকাৰে তথ্য প্ৰযুক্তিৰ দিশত সফলতাৰ এখোজ দি দেশত ৫-জি সেৱা মুকলি কৰে৷ মহাষষ্ঠীৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ৫-জি উপহাৰ দিছিল৷ ৫-জি নেট সেৱা মুকলি কৰি দেশক এক নতুন গতি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰছে মোদী চৰকাৰে৷ মোদীয়ে কয় যে ‘টেলিকম উদ্যোগে দেশৰ ১৩০ কোটি লোকক ৫-জি উপহাৰ দিছে। ৫-জি হৈছে দেশৰ দুৱাৰত এটা নতুন যুগৰ আৰম্ভ। ৫-জি হৈছে সুযোগৰ অসীম আকাশৰ আৰম্ভণি।’
দেশৰ ১৩ খন চহৰত ৫-জি সেৱা আৰম্ভ হৈছে। ২০২৩ চনৰ ভিতৰত সমগ্ৰ দেশত এই সেৱা সম্প্ৰসাৰিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অতি-উচ্চ গতিৰ ইণ্টাৰনেট লাভ কৰিবলৈ সামৰ্থ্য হ’ব গ্ৰাহকে৷ পঞ্চম প্ৰজন্ম বা ৫-জি সেৱাই ভাৰতীয় সমাজলৈ এক পৰিৱৰ্তনশীল শক্তি হিচাপে নতুন অৰ্থনৈতিক সুযোগ আৰু সামাজিক লাভালাভ আনিব বুলি আশা কৰা হৈছে। চলিত বৰ্ষৰ প্ৰথমৱাস্থাত দূৰসংযোগ বিভাগ আৰু ট্ৰায়ে ৫-জি স্পেকট্ৰাম অনুষ্ঠিত কৰিছিল৷ জিঅ’ আৰু এয়াৰটেল, ভোডাফোনে ৫-জি সেৱাৰ স্পেকট্ৰাম লাভ কৰে৷ এই সেৱাত অত্যাধুনিক আৰু দ্ৰুত গতিৰ ইণ্টাৰনেট সেৱা উপলদ্ধ কৰিব৷ এই সেৱাৰ সৈতে 3-D হ’লগ্ৰাম কলিঙৰ সুবিধা, মেটাভাৰ্ছৰ সুবিধাৰ লগতে পূৰ্বতকৈ ২০ গুণ গতিত চলিব ৫-জি সেৱা৷
3-D হ’লগ্ৰামৰ সুবিধাই শিক্ষা ব্যৱস্থাটোক অধিক ফলপ্ৰসূ কৰাত সহায় কৰিব৷ দূৰ-দূৰণিৰ শিক্ষাৰ্থীয়ে বিদেশৰ শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ সৈতে সংপৃক্ত হৈ থাকিব পাৰিব৷ মুঠতে অনলাইন শিক্ষা ব্যৱস্থাক নতুন গতি প্ৰদান কৰিব৷ শেহতীয়াকৈ ভাৰতীয় অৰ্থনীতি ইণ্টাৰনেটৰ ওপৰত নিৰ্ভাৰশীল হৈ পৰিছে৷ অফিচ-কাছাৰী, শিক্ষা ব্যৱস্থা, সমস্ত প্ৰশাসন ব্যৱস্থা ইণ্টাৰনেটৰ যোগেদি চলে। ৫-জি প্ৰৱেশৰ প্ৰভাৱ অৰ্থনীতি, ই-কমাৰ্চ, লজিষ্টিক, ৱেৰহাউচিং, মনোৰঞ্জন আৰু অ’টিটি প্লেটফৰ্ম, সামাজিক মাধ্যমৰ প্ৰভাৱশালী অৰ্থনীতি, বিত্তীয় সেৱা, গেমিং, মিডিয়াই নতুন পথ ল’ব৷
ইপিনে গাঁও তথা চহৰত আজিকালিৰ মানুহে ইণ্টাৰনেটকে নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈ৷ মানুহে প্ৰায়ে সকলো কাম ইণ্টাৰনেটৰ যোগেদি কৰাত ইণ্টাৰ সেৱা দ্ৰুত হোৱাটো জৰুৰী হৈ পৰিছে৷ কৃষি ভিত্তিক ভাৰতীয় অর্থনীতিত ৫-জি ইণ্টাৰনেটে নতুন ধাৰাৰ সৃষ্টি কৰিব৷ ইণ্টাৰনেটে সামাজিক কাঠোমা পৰিৱৰ্তন কৰি ই-গ্রাম্য ব্যৱস্থা গঢ়ি উঠাত সহায় কৰিব৷ কৃষিত ইণ্টাৰনেটৰ মাধ্যমেমে বিদেশৰ প্রযুক্তি বিদ্যাৰ প্রয়োগ সহজ হৈ পৰিব৷ জলসিঞ্চন পদ্ধতি, গ্রাম্য অর্থনীতিৰ মূল ভেঁটিক নতুন মাত্ৰা দিব ৫-জি ব্যৱস্থাই৷ গাঁৱৰ পৰাই দূৰ সংযোগ ৫-জি ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব।
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ৫জি-এ টেলিমেডিচিন, দূৰৱৰ্তী অস্ত্ৰোপচাৰ, আনকি ভি.আৰ. অস্ত্ৰোপচাৰৰ সঁজুলি আৰু অস্ত্ৰোপচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বৰ্ধিত বাস্তৱ সঁজুলিবোৰে ৰোগীসকলক তেওঁলোকৰ চিকিৎসক আৰু চিকিৎসালয়ৰ সৈতে বাস্তৱ-সময়ৰ স্বাস্থ্যৰ কথা শ্বেয়াৰ কৰিবলৈ অনুমতি দিব৷ চিকিৎসাৰ মানদণ্ড অধিক বৃদ্ধি কৰিব।
৫-জি ইণ্টাৰনেট সেৱা ৪-জিতকৈ দহ গুণ বেছি গতি লাভ কৰিব৷ যাৰ বাবে মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ আৰু চিনেমা, গেম, এপ্প আৰু অন্যান্য ভাষা ডাউনলোড কৰিবলৈ অতি কম সময় ল’ব। মোবাইলত ইণ্টাৰনেটৰ গতি বৃদ্ধি হোৱাৰ সৈতে, ইণ্টাৰনেটৰ ওপৰত আধাৰিত বহু কাম সহজ হৈ পৰিব।