Local, Vocal, Global

Beetroot Benefits: শীতকালত দৈনিক খাওক বিট; ই আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী

শীতকালত শাক-পাচলিৰ বজাৰলৈ গ’লে দেখিব যে তাত বিট যথেষ্ট পৰিমাণে পোৱা যায় ৷ এইবিধ পাচলি চাবলৈ আৰু খাবলৈ যিমান ধুনীয়া সিমানেই স্বাস্থ্যৰ বাবেও সমানেই উপকাৰী বুলি গণ্য কৰা হয় ৷বিট এনে এক পাচলি যিটো মাটিৰ তলত খেতি কৰা হয় ।

দৈনন্দিন অনিয়মিত জীৱন-যাত্রাই আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা কমাই দিছে। কিন্তু এনে কিছু খাদ্য আছে যাক প্রতিদিনে খালে শৰীৰক ভালে ৰখাৰ লগতে বিভিন্ন ৰোগৰ পৰাও মুক্তি দিব পাৰে। তেনে ধৰণৰ এবিধ পুষ্টিগুণেৰে ভৰপূৰ পাচলি হ’ল বিট।বীট বহু ধৰণে সেৱন কৰিব পাৰি। বীট ভাজি ,চালাড আৰু জুচ কৰি খাব পাৰি।

বিট আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ।বিটত কেলচিয়াম,আইৰণ আৰু এণ্টিঅক্সিডেণ্টকে ধৰি বহুটো পুষ্টিকৰ উপাদান থাকে । বিটত প্ৰচুৰ পৰিমাণ প্ৰ’টিন থাকে যিয়ে আমাক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান (Health Benefits of Beetroot)।

মাটিৰ তলত হোৱা এই পাচলিবিধত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, ইয়াত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি আৰু খাদ্য আঁহ, ভিটামিন C, ভিটামিন B6, ৰাইবোফ্লেভিন আৰু থাইয়ামিন থাকে ৷ জানো আহক বিট খোৱাৰ অন্য উপকাৰিতাসমূহ-

বিট খোৱাৰ উপকাৰিতা….

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে

শীতকালত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন ল’বলৈ বিট খাব লাগিব, ইয়াত ভিটামিন চি, আঁহ আৰু ফ’লেট থাকে, যিবোৰ হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী ৷ লগতে ইয়াত থকা নাইট্ৰেটে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয় ৷

ওজন কমোৱাত সহায়ক

বিটত কম কেলৰি আৰু ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে ওজন কমোৱাত সহায় কৰে ৷ ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ সঠিক ওজন বজাই ৰখা আৰু চৰ্বি কমোৱাটো সহজ হৈ পৰে ৷ গতিকে মেদবহুলতাক দূৰ কৰিবলৈ আমি বিট খোৱা উচিত ৷

শৰীৰৰ বিষমুক্ত হ’ব

বিটত থকা আঁহ আৰু এন্টিঅক্সিডেন্টে শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰে ৷ ই বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ৷ গতিকে শৰীৰৰ বিষমুক্ত কৰিবলৈ এই খাদ্য গ্ৰহণ কৰিব লাগে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

বিটত ভাল পৰিমাণৰ ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ বিশেষকৈ ঠাণ্ডা আৰু পৰিৱৰ্তিত বতৰত উন্নত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন হয়, যাতে ৰোগৰ পৰা হাত সাৰিব পাৰি ৷