কলিয়াবৰৰ এই পথেৰে যাতায়াত কৰোতে সাৱধান হওক, যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন!
নিউজ ডেক্স,৩জুলাই : কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ৰাজপথ উভালি পৰিল প্ৰকাণ্ড গছ। কথমপি প্ৰাণ ৰক্ষা এখন গাড়ীৰ চালক-আৰোহীৰ। এজোপা প্ৰকাণ্ড কৰৈ গছ উভালি পৰি আবদ্ধ হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। এঘণ্টাৰ বাবে বন্ধ হৈ পৰে উজনি-নামনিৰ যাতায়াত।
বুঢ়াপাহাৰৰ দেওচুৰ দলঙৰ ওপৰত উভালি পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এজোপা প্ৰকাণ্ড কৰৈ গছ। ফলত ভাঙি যায় দলঙৰ ৰেলিং। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, জখলাবন্ধা আৰক্ষী, জখলাবন্ধা খণ্ড বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পথঠোৱা মুকলি কৰাৰ চেষ্টা চলায়। প্ৰায় এঘণ্টাৰ পিছত মুকলি হয় ৰাজপথছোৱা।
কিছুদিন পুৰ্বে বুঢ়াপাহৰত ভূমিস্খলনৰ ফলত ৰাজপথত গছসহ বাগৰি পৰিছিল পাহাৰ শিল-মাটি। এই পথঠোৱাৰে যাতায়াত কৰোতে সাৱধান হ’বলৈ যান-বাহন চালক-আৰহী আহ্বান জনাইছে প্ৰশাসনে।