Be careful if you are looking to purchase a new motorcycle : আপুনি নতুন মটৰ চাইকেল ক্ৰয় কৰিব বিচাৰিছে যদি সাৱধান !
২৫ জানুৱাৰী ২০২৫,ৱেবডেস্ক:আপুনি নতুন মটৰ চাইকেল ক্ৰয় কৰিব বিচাৰিছে নেকি?তেনেহলে আপুনি এতিয়াই সাৱধান হওঁক। মটৰ চাইকেলৰ নামত অফাৰ দি নাকত ধৰি চাকত ঘূৰাইছে গ্ৰাহকক। ফ্ৰি চাৰ্ভেচিংৰ নামত গ্ৰাহকৰ পৰা লুটি আছে লাখে লাখে টকা। বিলাসীপাৰাৰ তাজ অটোমোবাইলছত সংঘঠিত হৈছে ভয়ংকৰ লুণ্ঠন ৰাজৰ ঘটনা।
টি,ভি,এচৰ (TVS) নতুন মটৰ চাইকেলৰ নামত অফাৰ দি নাকত ধৰি চাকত ঘূৰাইছে গ্ৰাহকক।ফ্ৰি চাৰ্ভেচিংৰ নামত গ্ৰাহকৰ পৰা লুটি আছে লাখে লাখে টকা।বিলাসীপাৰাৰ তাজ অটোমোবাইলছৰ লুণ্ঠনৰাজত অতিষ্ঠ সাধাণ গ্ৰাহক।এইবাৰ উপায়ন্তৰ হৈ গ্ৰাহকে কাষ চাপিলে সংবাদ মাধ্যমৰ ওচৰত।তেওঁ বহু কষ্টৰে উপাৰ্জন কৰি টি,ভি এচৰ মটৰ চাইকেল ক্ৰয় কৰি এতিয়া আকৌ হতাশাত ভুগিব লগা হৈছে।যুৱকজনে এমাহ আগত টি ভি এচৰ মটৰ চাইকেল ক্ৰয় কৰি ফ্ৰি চাৰ্ভেচিং কৰিবলৈ গৈ দিবলগীয়া হ’ল ১১শ টকা।উল্লেখ্য যে টি ভি এচৰ মটৰ চাইকেল ক্ৰয় কৰাৰ সময়ত উল্লেখ থাকে যে কোম্পানীৰ তৰফৰ পৰা পৰা ৫ টা কৈ বিনামূলীয়া ফ্ৰি চাৰ্ভেচিংৰ দিয়া হ’ব বুলি। কিন্তু বিনামূলীয়া চাৰ্ভেচিংৰ নামত এই বহুবল্কী শ্বৰোমটোৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰে ১০০০ পৰা ১২০০ টকা লৈকে।বিলাসীপাৰাৰ তাজ অটোমোবাইলছৰ বিৰুদ্ধে বিভাগীয় কৃতপক্ষৰ উচিত তদন্ত আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে একাংশ গ্ৰাহকৰ লগতে স্থানীয় দল সংঘঠনে।