Local, Vocal, Global

সাৱধান! ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ…

এক ভয়ংকৰ ৰূপ গুৱাহাটী মহানগৰীৰ ।ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে মহানগৰবাসী।বিগত দুটা মাহত অধিক বেয়াৰ ভালে গতি কৰিছিল যদিও চলিত মাহত ই অধিক বৃদ্ধি পাইছে।বৰ্ধিত বায়ু প্ৰদূষণে অশনি সংকেত আনিছে গুৱাহাটীবাসীৰ বাবে।ভাসমান ধূলিকণাই প্ৰদূষিত কৰিছে বায়ুমণ্ডল।বায়ুৰ গুণমান সূচাংকৰ অতিক্ৰম কৰিছে বিপদসীমা।দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গুৱাহাটীৰ বায়ুমণ্ডল।
৩০০ ৰ মাত্ৰা অতিক্ৰম কৰিলে এয়াৰ কোৱালিটি ইণ্ডেক্স।৫ ফেব্ৰুৱাৰীত ই অধিক ভয়াবহ হৈ ৩৩৯ লৈ বৃদ্ধি পায়।চৌদিশে এতিয়াই ধূৱলিৰে কুঁৱলি সদৃশ পৰিৱেশ।কুঁৱলি সদৃশ আচ্ছাদনে আৱৰিছে সমগ্ৰ গুৱাহাটী মহানগৰীক।

বায়ু প্ৰদূষণৰ বাবে চিকিৎসালয়ত বৃদ্ধি পাইছে প্ৰদূষণজনিত ৰোগীৰ সংখ্যা।বৰ্ধিত বায়ু প্ৰদূষণক লৈ উদ্বিগ্ন চিকিৎসাক, বিশেষজ্ঞ।সঘণাই বৃদ্ধি পাইছে জ্বৰ,চৰ্দি,মুৰৰ বিষত আক্ৰান্ত লোকৰ সংখ্যা।বিগত দুমাহ ধৰি গুৱাহাটী মহানগৰীৰ সূচাংক অতি বৃদ্ধি পাইছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰি কৰিছে এই তথ্য।বায়ু প্ৰদূষণৰ মাত্ৰ বৃদ্ধি হোৱাৰ বাবে যথেষ্ট চিন্তিত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ জেষ্ঠা বিষয়াসকল।মহানগৰীত জধে-মধে চলি থকা নিৰ্মানকাৰ্যৰ ফলত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰ।গুৱাহাটী মহানগৰীত দীৰ্ঘদিনে ধৰি চলি থকা উৰণীয়া সেতুৰ কাম, নলা-নৰ্দমাৰ নিৰ্মাণকাৰ্য লগতে পানীৰ পাইপ বহুৱাৰ নামত খন্দা বাট-পথৰ ধূলি,যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোৱা আৰু কলকাৰখানাৰ পৰা নিৰ্গত ধোঁৱাই যথেষ্ট বায়ু প্ৰদূষিত কৰিছে।মহানগৰীৰ চাৰিওফালে এতিয়াই ধূলি আৰু ধূলি।যাৰ বাবে মাক্স এৰি ঘূৰিব নোৱাৰা অৱস্থা মহানগৰত।এতিয়াই মহানগত অপেক্ষা এজাক মাথো বৰষুণৰ অন্যথা অনাগত দিনত অধিক সূচনীয় পৰিস্থিতিৰ সন্মুখীন হব মহানগৰবাসী।