Local, Vocal, Global

WATCH | BCCI Women Cricket : BCCI ৰ ২৩ বছৰ অনুৰ্ধ্ব মহিলা নক আউট ক্ৰিকেট আৰম্ভ

উত্তৰ গুৱাহাটী,১৮মাৰ্চ : হাই ভল্টেজ আই পি এলৰ প্ৰাক মূহুৰ্তত BCCI ৰ ২৩ বছৰ অনুৰ্ধ্ব মহিলা নক আউট ক্ৰিকেট আৰম্ভ ।

জাগীৰোডৰ আইকন একাডেমী গ্ৰাউণ্ড আৰু উত্তৰ গুৱাহাটী ডেকাবাৰীত নিৰ্মিত অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী গ্ৰাউণ্ডত সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰতিযোগিতাখন ।

উত্তৰ গুৱাহাটী অসম ক্ৰিকেট সংন্থাৰ একাডেমী গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব BCCIৰ ৭ খনকৈ ক্ৰিকেট খেল(BCCI Women Cricket)।

অহা ২৪ মাৰ্চলৈ চলিব প্ৰতিযোগিতাখন । ১২ টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা খনত( ।

আজি দিল্লী আৰু বৰোদাৰ মাজত হাই ভল্টেজ খেল । উত্তৰ গুৱাহাটী ডেকাবাৰী ক্ৰিকেট গ্ৰাউণ্ডত উপস্থিত দুয়োটা দল ।

সোমবাৰে হাৰিয়ানা আৰু কৰ্ণাটকৰ মাজত প্ৰথম খন খেল অনুষ্ঠিত হৈছিল ।

প্ৰথম খন খেলত জয়ী হৈছিল হাৰিয়ানা ।

ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ শেফালী বাৰ্মাই হাৰিয়ানাৰ হৈ খেলিছিল ।

লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰত আদৰ্শ অংগবাড়ী কেন্দ্ৰৰ উদ্ধোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ