Local, Vocal, Global

Bathou Puja 2024: বাক্সাৰ বাথৌফুৰিত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বাথৌ পূজা

মুছলপুৰ,২৮জানুৱাৰী : বাক্সাৰ বাথৌফুৰিত আজিৰে পৰা ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সকলৰ উপাস্য দেৱতা বাথৌ পূজা ।

বাথৌফুৰি অঞ্চলৰ ১২ খনকৈ গাঁৱৰ ৰাইজে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা এই পূজাৰ মূল তোৰণ উন্মোচনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় ।

ইয়াৰ পিছতে কেন্দ্ৰীয় বাথৌ পূজা সমিতিৰ পতাকা উত্তোলন আৰু ১২ খনকৈ গাঁৱৰ পতাকা উত্তোলন কৰা হয়(Bathou Puja 2024)।

স্মৃতি তৰ্পণ, মন্দিৰৰ দ্বাৰ মুকলিকে ধৰি ৰূপায়ন কৰা হয় বিভিন্ন কাৰ্যসূচী ।

আৰজ আৰু নৃত্য-গীতেৰে জীপাল হয় বাথৌ পূজাথলী ।

৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বাথৌ পূজাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

লগতে পঢ়ক :Man goes Missing :কামলৈ ওলাই গৈ সন্ধানহীন বিলাসীপাৰাৰ নাছিৰ উদ্দিন