Local, Vocal, Global

Batadrava Norua Satra Satradhikar Devananda Dev Goswami passed away : পঞ্চভূতত বিলীন হ’ল বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ

নিউজ ডেস্ক, ২৪ মাৰ্চ : পঞ্চভূতত বিলীন হ’ল বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ।

শনিবাৰে নিশা প্ৰায় ৮ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰলোকপ্ৰাপ্তি ঘটে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া হঠাৎ বুকুৰ বিষ অনুভৱ কৰিছিল দেৱগোস্বামী তাৰ পিছতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁৱৰ জীতেন গোহাইঁ নাৰ্চিং হোমলৈ লৈ যায় । চিকিৎসাৰ বাবে আনাৰ পিছতেই নিশা ৮-০০ বজাত সত্ৰাধিকাৰ দেৱগোস্বামীয়ে ইহলীলাসম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২বছৰ ৷ ।

এইগৰাকী নিপুণ শিল্পী, সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। গুৰুজনাৰ জন্মস্থানত আয়োজিত দৌল মহোৎসৱৰ প্ৰাকক্ষণত সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ খবৰে অত্যন্ত মৰ্মাহত কৰি তুলিছে সমগ্ৰ নগাঁওবাসীক(Batadrava Norua Satra Satradhikar Devananda Dev Goswami passed away)।

উল্লেখ্য যে, মৃত্য়ুবৰণ কৰা দেৱানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ নিশাই বটদ্ৰৱাৰ বাসগৃহলৈ অনা হয়। বাসগৃহত তেওঁক ভকত বৈষ্ণৱ, গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়।

ইয়াৰ পাছত ভকত বৈষ্ণৱে কল্যাণ খৰমান গায় সত্ৰাধিকাৰগৰাকীক লৈ শেষ যাত্ৰা কৰে। নিশাই বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰত সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

লগতে পঢ়ক : Batadrava Norua Satra Satradhikar Devananda Dev Goswami passed away : বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগ