Batadrava Norua Satra Satradhikar Devananda Dev Goswami passed away : বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগ

নিউজ ডেস্ক,২৪মাৰ্চ : বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগ । শনিবাৰে নিশা প্ৰায় ৮ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰলোকপ্ৰাপ্তি ঘটে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ।
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া হঠাৎ বুকুৰ বিষ অনুভৱ কৰিছিল দেৱগোস্বামী তাৰ পিছতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁৱৰ জীতেন গোহাইঁ নাৰ্চিং হোমলৈ লৈ যায় । চিকিৎসাৰ বাবে আনাৰ পিছতেই নিশা ৮-০০ বজাত সত্ৰাধিকাৰ দেৱগোস্বামীয়ে ইহলীলাসম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২বছৰ ৷ ।
এইগৰাকী নিপুণ শিল্পী, সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। গুৰুজনাৰ জন্মস্থানত আয়োজিত দৌল মহোৎসৱৰ প্ৰাকক্ষণত সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ খবৰে অত্যন্ত মৰ্মাহত কৰি তুলিছে সমগ্ৰ নগাঁওবাসীক(Batadrava Norua Satra Satradhikar Devananda Dev Goswami passed away)।
দেৱগোস্বামীৰ বিয়োগত বিভিন্ন মহলে শোক প্ৰকাশ কৰা উপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰে।মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে, “বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰভুৰ প্ৰয়াণৰ বাতৰি শুনি অতিকৈ বেজাৰ অনুভৱ কৰিছোঁ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সৃষ্ট একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ হকে আজীৱন অহোপুৰুষাৰ্থ কৰা সত্ৰীয়া সংস্কৃতিৰ নমস্য ব্যক্তিত্ব পূজ্য সত্ৰাধিকাৰগৰাকীৰ প্ৰয়াণে ৰিক্ত কৰিলে আমাৰ জাতীয় জীৱন ৷নিপুণ শিল্পী তথা এগৰাকী সুবক্তা দেৱানন্দ দেৱগোস্বামী প্ৰভুৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷” লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে(Batadrava Norua Satra Satradhikar Devananda Dev Goswami passed away)।