Local, Vocal, Global

Chhattisgarh Clash : ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ : ছত্তীশগড়ত মাওবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ । কাংকেৰ জিলাত দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী(Chhattisgarh Clash) ।

জানিব পৰা মতে, ছত্তীশগড়ৰ কাংকেৰ জিলাৰ ছোটাবেঠিয়া থানা এলেকাৰ গাতে লাগি থকা হিদূৰ বনাঞ্চলত তালাচী অভিযান চলাই থকা সময়তে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে মাওবাদীয়ে । প্ৰায় এঘণ্টাৰো অধিক সময় ধৰি অব্যাহত থাকে সংঘৰ্ষ(Constable, Maoist killed in encounter in Chhattisgarh) ।

খবৰ অনুসৰি মাওবাদী বিদ্ৰোহীৰ উপস্থিতিৰ তথ্য লাভ কৰি নিৰাপত্তা বাহিনীয়ে সেই ঠাইত তালাচী অভিযান চলাইছিল। অভিযানৰ সময়তে মাওবাদীয়ে আক্ৰমণ কৰে । এই সংৰ্ঘষ চলি আছে কাংকেৰ ডি আৰ জি আৰক্ষী আৰু নক্সালবাদী বিদ্ৰোহীসকলৰ মাজত । সমীপৱৰ্তী অঞ্চলবোৰত আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু ডি আৰ জিয়ে তালাচী অভিযান অব্যাহত ৰাখিছে(Bastar Fighter, Maoist Killed in Kanker District Encounter) ।

লগতে পঢ়ক : Tragic Collision on Badarpur Flyover : বিবাহ অনুষ্ঠানৰ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; নিহত ৩জন, আহত ৪জন