Local, Vocal, Global

Barsha Rani Bishaya Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্মদিন

এণ্টাৰটেনমেণ্ট, ডেস্ক,২০ছেপ্তেম্বৰ : আজি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্মদিন।অসমৰ মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিনক লৈ বিশেষভাৱে উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল(Barsha Rani Bishaya Birthday )।

জন্মদিন উপলক্ষে সামাজিক মাধ্যমত শুভেচ্ছা আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে অনুৰাগীয়ে। ওপজা দিনটো বেছি বিশেষ বনাবলৈ সামাজিক মাধ্যমত বিশেষ ধৰেণে শুভেচ্ছা জনাইছে স্বামী ভাস্কৰে।

অসমীয়া বোলছবি জগতৰ লগতে ভ্ৰাম্যমান থিয়েটাৰতো(Bhramyaman Theatre) গুৰুত্বপূৰ্ণ অৱদান আছে বৰষা ৰাণীৰ ৷ এগৰাকী সুদক্ষ বিহু নৃত্যশিল্পী বৰষা ৰাণীয়ে অসমীয়া ভিচিডি(VCD)সমূহতো খলকনি তুলি আহিছে ৷

এখন কলা-সংস্কৃতিৰে ভৰপূৰ ঘৰত জন্মগ্ৰহণ কৰা অভিনেত্ৰী বৰষাই ১৯৯৮ চনত ১৬ বছৰ বয়সতেই অসমীয়া বোলছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল ৷ ১৯৯৮ চনত মুক্তি লাভ কৰা ‘যৌৱনে আমনি কৰে’ নামৰ ছবিখনত নিজৰ শক্তিশালী অভিনয়েৰে বৰষাই দৰ্শকৰ মন আপ্লুত কৰি তুলিছিল ৷ ছবিখনত বৰষাৰ বিপৰীতে অভিনয় কৰিছিল তেওঁৰ ককায়েক অংকুৰ কুমাৰ বিষয়া(Ankur Kumar Bishaya)ই ৷

ইয়াৰ পিছত আৰু থমকি নৰ’ল বৰষা ৷ এনেদৰেই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰি ক্ৰমান্বয়ে এখনৰ পাচত আনখন ছবিত অভিনয় কৰি জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় বৰষা ৰাণী বিষয়াই ৷ বৰষাই অভিনয় কৰা ‘বুকুৰ মাজত জ্বলে’, ‘জোন জ্বলে কপালত’, ‘মাঘত মামনিৰ বিয়া’, ‘বিধাতা’, ‘ৰত্নাকৰ’ আদি ছবিসমূহ আজিও অসমীয়া দৰ্শকৰ মাজত চৰ্চিত ৷ ইয়াৰোপৰি, ২০০৩ চনত মুক্তি লাভ কৰা পৰিচালক চন্দ্ৰ মুদৈৰ ‘উজনীৰ দুজনী গাভৰু’ ছবিখনত দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

বোলছবিৰ লগতে তেওঁ বহুকেইটা জনপ্ৰিয় অসমীয়া গীতত অভিনয় কৰিছিল ৷ অভিনয়, নৃত্যশিল্পীৰ বাহিৰেও এগৰাকী ভাল ঘোষক বৰষা ৰাণী ৷ বৰষাই অভিনয় আৰু নৃত্যৰ শিকাৰ সুবিধা তেওঁৰ পৰিয়ালৰ পৰাই লাভ কৰিছিল ৷ পিতৃ অশোক কুমাৰ বিষয়া এগৰাকী ছবি নিৰ্মাতা হোৱাৰ উপৰিও ককায়েক অংকুৰ কুমাৰ বিষয়াও এগৰাকী ছবি নিৰ্মাতা আৰু অভিনেতা ৷

আনহাতে, বৰষাৰ মাহীয়েক নিকুমণি বৰুৱা অসমীয়া বোলছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৷ মুঠতে পৰিয়ালৰ পৰাই অসমীয়া সাংস্কৃতিক জগতৰ সৈতে অতি নিপুণতাৰে জড়িত হৈ পৰাৰ সুবিধা লাভ কৰিছিল বৰষাই ৷ বগীতৰা, গামোচা, জোনবাই আদি বহুকেইখন অসমীয়া ভিচিডিত অভিনয় কৰি দৰ্শকৰ মাজত অন্য এক সফলতা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

ভ্ৰাম্যমান থিয়েটাৰ যেনে- কহিনুৰ থিয়েটাৰ(Kahinoor Theatre), আৱাহন থিয়েটাৰ(Abahan Theatre) ৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত বৰষা ৰাণী বিষয়া ৷ শক্তিশালী অভিনয়েৰে ভ্ৰাম্যমানৰ মঞ্চ কঁপাই তুলি আহিছে বৰষাই ৷ অসমীয়া অভিনেত্ৰীসকলৰ নাম মনলৈ আহিলে নিশ্চয়কৈ বৰষা ৰাণীক শীৰ্ষস্থানৰ তালিকাত স্থান দিয়ে দৰ্শকে ৷

লগতে পঢ়ক :Drugs peddler arrested along with drugs : প্ৰাক্তন উগ্ৰপন্থীৰ সেনাধ্যক্ষ নামিল নিচাযুক্ত দ্ৰব্য সৰবৰাহত