Barpeta Satra managing committee election today : আজি বুঢ়া সত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন
নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ: দেওবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন ৷ বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই আৰম্ভ কৰি যোৱা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াদুগৰাকীৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয় ৷
বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাক শ্ৰীশ্ৰী মাধৱদেৱে সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল ৷ মথুৰা দাস বুঢ়া আতাৰ পাছত আটাইবোৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াক ভোটৰ জৰিয়তে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰি অহা হৈছে(Barpeta Satra managing committee election today)৷
প্ৰায় ৪৪৪ বছৰ পূৰ্বে বৰপেটা সত্ৰত মথুৰা দাস বুঢ়া আতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল৷ আজিও বৰপেটা সত্ৰত সেই পৰম্পৰা অটুত আছে৷ প্ৰায় দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদটি খালী হৈ আছিল৷
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ পদটি পূৰ্ণ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে আজি আৰম্ভ কৰিছে ভোটগ্ৰহণ৷ আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতি সদস্যসকলৰো নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদটিৰ বাবে দুজন প্ৰাৰ্থী ডঃ বাবুল চন্দ্ৰ দাস আৰু হেমেন দাস বুঢ়া ভকত অৱতীৰ্ণ হৈছে ৷ বৰপেটা সত্ৰত ভাগ থকা প্ৰায় ৮৩৪৮গৰাকী ভোটাৰে আজি বুঢ়া সত্ৰীয়া নিৰ্বাচন কৰাৰ বাবে ভোটদান কৰিব৷
বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বাবে ১৫টা সমষ্টিৰ ২৮জন সদস্য নিৰ্বাচন কৰা হ’ব৷ ইয়াৰে ৬টা সমষ্টিৰ ৮গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ ৯টা সমষ্টিৰ ২০জন সদস্যৰ বাবে ৩৭গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ আজি সন্ধিয়া ৬ বজাৰ পৰা বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনা কৰা হ’ব৷ আজিয়ে ভোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল৷
লগতে পঢ়ক :Sensational incident : ম’বাইলত ৰিচাৰ্ছ নথকাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ