Barpeta Satra Holds Historic Election : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ নিৰ্বাচন; বুঢ়াসত্ৰীয়া পদত নিৰ্বাচিত ড০ বাবুল চন্দ্র দাস
নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ নিৰ্বাচন। বুঢ়াসত্ৰীয়া পদত নিৰ্বাচিত ড০ বাবুল চন্দ্র দাস । বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাবুল চন্দ্ৰ দাস।
উল্লেখ্য যে, দেওবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন ৷
বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই আৰম্ভ কৰি যোৱা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াদুগৰাকীৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয় ৷
বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাক শ্ৰীশ্ৰী মাধৱদেৱে সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল ৷ মথুৰা দাস বুঢ়া আতাৰ পাছত আটাইবোৰ বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াক ভোটৰ জৰিয়তে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰি অহা হৈছে(Barpeta Satra Holds Historic Election)৷
প্ৰায় ৪৪৪ বছৰ পূৰ্বে বৰপেটা সত্ৰত মথুৰা দাস বুঢ়া আতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল৷ আজিও বৰপেটা সত্ৰত সেই পৰম্পৰা অটুত আছে৷ প্ৰায় দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদটি খালী হৈ আছিল৷
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ পদটি পূৰ্ণ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে দেওবাৰে আৰম্ভ কৰিছিল ভোটগ্ৰহণ৷ দেওবাৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতি সদস্যসকলৰো নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদটিৰ বাবে দুজন প্ৰাৰ্থী ডঃ বাবুল চন্দ্ৰ দাস আৰু হেমেন দাস বুঢ়া ভকত অৱতীৰ্ণ হৈছে ৷ বৰপেটা সত্ৰত ভাগ থকা প্ৰায় ৮৩৪৮গৰাকী ভোটাৰে দেওবাৰে বুঢ়া সত্ৰীয়া নিৰ্বাচন কৰাৰ বাবে ভোটদান কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন কৰিলে৷
লগতে পঢ়ক : CM’s Atmanirbhar Scheme kicks off today : আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন হ’ব