Local, Vocal, Global

WATCH : Barpeta News : ছাগলী চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বৰপেটা,২০মাৰ্চ : ছাগলী চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰিলে চুৰি ছাগলী কঢ়িওৱা বিলাসী বাহন।

বৰপেটাৰ শিলাত সংঘটিত হৈছে এই ঘটনা। বৰপেটাৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰৰ এটি দলে চাৰিচকীয়া বিলাসী বাহন বেলেন’ ৰ সহায়ত চুৰি কৰি আনিছিল ৪ টাকৈ ছাগলী। পথৰ কাষৰ পৰা ছাগলী ৪ টা ধৰি বাহনৰ ভিতৰত ভৰাই লোৱাৰ সময়তে দেখে কেইজনমান যুৱকে। যুৱক কেইজনক দেখি বাহনসহ ছাগলী থৈ পলায়ন চোৰৰ।

তাৰ পিছতে চোৰক খেদাক চোৰে তীব্ৰ গতিত বাহন চলাই শিলাত ছাগলীসহ বাহনখন থৈ পলায়ন কৰে(Barpeta News)।

শিলাত একাংশ লোকে চোৰক নাপায় বাহনখন কোবাই ভাঙি পেলায়। কিছুসময় পিছত বৰপেটা আৰক্ষীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰক্ষীয়ে চোৰৰ সন্দেহত মেহবুব মিয়া নামৰ এজন যুৱকক কৰায়ত্ব কৰে।

লগতে পঢ়ক : WATCH | Chapar News : বঙাইগাঁও আৰক্ষীৰ জালত মাছ চোৰ