Local, Vocal, Global

WATCH | Barpeta News: ৰাজ্যজুৰি তৃতীয় দিনাও NHM কৰ্মচাৰীৰ প্ৰতিবাদ

বৰপেটা,৬মাৰ্চ : ৰাজ্যজুৰি তৃতীয় দিনাও NHM কৰ্মচাৰীৰ প্ৰতিবাদ। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ।৩ দিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদমুখৰ NHM কৰ্মচাৰীসকল। কৰ্ম বিৰতি কাৰ্যসূচীৰে নিজৰ প্ৰাপ্য দাবী কৰ্মচাৰীসকলৰ।NHM কৰ্মীৰ কৰ্ম বিৰতি কাৰ্যসূচীয়ে তিনি দিন ধৰি অচল কৰি পেলাইছে ৰাজ্যৰ স্বাস্থ্য খণ্ড(Barpeta News)।

চিকিৎসা সেৱা এৰি কৰ্ম বিৰতি কাৰ্যসূচীত নামি পৰিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ ঠিকাভিত্তিক কৰ্মচাৰী সকল। ২০০৬ চনতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰম্ভ হৈছিল, আজিলৈকে প্ৰায় ২০ হাজাৰ স্বাস্থ্য কৰ্মী ৰাজ্যৰ চিকিৎসা সমুহত সেৱা আগবঢ়ায় আছে। কিন্তু এই সকল স্বাস্থ্য কৰ্মীৰ দিৰ্ঘদিনীয়া সমস্যা সমুহ চৰকাৰক অৱগত কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ সদুত্তৰ দিয়া নাই।

বিশেষকৈ খালি হৈ থকা পদ সমুহৰ লগতে নতুন পদ সৃষ্টি কৰি দৰমহা সুৰক্ষা সহ নিযুক্তি দিব লাগে। বিভিন্ন দাবীত কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰিছে।

লগতে পঢ়ক : WATCH | Assam Youth Dies in Kerala : নগাঁও জিলাৰ পুৰণিগুদামৰ এটি দৰিদ্ৰ পৰিয়ালত কান্দোনৰ ৰোল